বিবাহ বিচ্ছেদ নোহোৱাকৈ দ্বিতীয় বিবাহৰ প্ৰস্তুতিৰ অভিযোগ: জ্যোতিষী হিতেশ ডেকাৰ বিৰুদ্ধে পত্নীৰ গুৰুতৰ অভিযোগ ।
মহানগৰীৰ কামাখ্যা পথ অঞ্চলত বাস কৰা জ্যোতিষী হিতেশ ডেকাৰ বিৰুদ্ধে তেওঁৰ প্ৰথমগৰাকী পত্নী সবিতা তালুকদাৰে বিবাহ বিচ্ছেদ নোহোৱাকৈ দ্বিতীয় বিবাহৰ প্ৰস্তুতি চলোৱা আৰু ঘৰুৱা হিংসাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। ঘটনাটোক কেন্দ্ৰ কৰি ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে।
ভুক্তভোগী পত্নীৰ অভিযোগ অনুসৰি, তেওঁলোকৰ বিবাহ এতিয়াও আইনীভাৱে বলবৎ আছে আৰু আদালতৰ জৰিয়তে কোনো বিবাহ বিচ্ছেদ হোৱা নাই। ইয়াৰ মাজতে জ্যোতিষী হিতেশ ডেকাই আন এগৰাকী মহিলাৰ সৈতে সম্পৰ্ক গঢ়ি তুলি দ্বিতীয়বাৰৰ বাবে বিবাহৰ প্ৰস্তুতি চলাইছে বুলি তেওঁ অভিযোগ কৰে।
পত্নীগৰাকীয়ে আৰু অভিযোগ কৰে যে, বিষয়টো সন্দৰ্ভত আপত্তি উত্থাপন কৰাত জ্যোতিষীজনে তেওঁক ভাবুকিমূলক ভাষা ব্যৱহাৰ কৰি, “হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত কমপ্লেইন দে, গৈ যা” বুলি কোৱা বুলি দাবী কৰিছে। এই অভিযোগৰ ফলত ঘটনাটোৱে নতুন বিতৰ্কৰ সৃষ্টি কৰিছে।
আনহাতে, পত্নীগৰাকীয়ে ঘৰুৱা হিংসাৰো অভিযোগ উত্থাপন কৰি ন্যায় বিচাৰি সংশ্লিষ্ট কৰ্তৃপক্ষৰ কাষ চাপিছে বুলি জানিব পৰা গৈছে।
ইফালে, এই অভিযোগসমূহৰ সন্দৰ্ভত জ্যোতিষী হিতেশ ডেকাৰ প্ৰতিক্ৰিয়া তাৎক্ষণিকভাৱে লাভ কৰা হোৱা নাই।
