অৱশেষত জীৱন যুঁজত হাৰ মানিলে অধ্যয়নৰত মেধাৱী ছাত্ৰী মৃদুমুদ্ৰা ডেকাই।
ৰাজ্য কঁপোৱা নলবাৰীৰ গঙ্গাপুৰ হত্যাকাণ্ডৰ ভুক্তভোগী আছিল মৃদুমুদ্ৰা ডেকা।

অৱশেষত জীৱন যুঁজত হাৰ মানিলে এটি প্ৰতিভাই। অধ্যয়নৰত মেধাৱী ছাত্ৰী মৃদুমুদ্ৰা ডেকাই আঁকোৱালি ল’লে কৰুণ মৃত্যুক। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন অৱস্থাত শুকুৰবাৰে পুৱা প্ৰায়, নিশ্চয় ৭.৩০ বজাত শেষ নিশ্বাস ত্যাগ কৰে ৰাজ্য কঁপোৱা নলবাৰীৰ গঙ্গাপুৰ হত্যাকাণ্ডৰ ভুক্তভোগী মৃদুমুদ্ৰা ডেকাই। যোৱা ৩১ মে’ ৰ সন্ধিয়া নলবাৰীৰ মুকালমুৱাৰ গঙ্গাপুৰত ৰ’জ আলীৰ নৃশংস আক্ৰমণৰ বলি হৈছিল মৃদুমুদ্ৰা ডেকা আৰু মাধুৰ্য্য বৰ্মণ নামৰ দুই সম্পৰ্কীয় ভাতৃ-ভগ্নী। অতি বৰ্বৰ তথা নিষ্ঠুৰ আক্ৰমণৰ বলি হোৱা মাধুৰ্য্য বৰ্মণৰ নৃশংস হত্যাকাণ্ডটোৰ ঘটনাই সমগ্র ৰাজ্যখনকে জোকাৰি গৈছিল। সেই একেটা নৃশংস হত্যাকাণ্ডৰ ভুক্তভোগী আছিল গঙ্গাপুৰ পাঠক চুবুৰী নিবাসী ঘনশ্যাম ডেকা আৰু জেউতি ডেকাৰ জ্যেষ্ঠ কন্যা মৃদুমুদ্ৰা ডেকা নামৰ উচ্চতৰ মাধ্যমিক দ্বিতীয় বাৰ্ষিকত অধ্যয়নৰত ছাত্ৰীগৰাকী। যোৱা প্ৰায় এমাহৰো অধিক কাল গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছিল। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত দুবাৰকৈ অস্ত্ৰোপচাৰ সম্পন্ন কৰা হৈছিল ৰ’জ আলীৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা ছাত্ৰীগৰাকীক। কিছু পৰিমাণে সুস্থিৰ হৈছিল ছাত্ৰীগৰাকী। ফলত দুৰ্ভগীয়া পৰিয়ালটিৰ মাজত কিছু পৰিমাণে আশাৰ ৰেঙণি কঢ়িয়াই আনিছিল। কিন্তু হঠাৎ আহিল বেদনাদায়ক খৱৰটি।

মৃদুমুদ্ৰা সম্পৰ্কত আত্মীয়ৰ ভাষ্য :-
সকলো ক্ষেত্ৰতে আগৰণুৱা আছিল মৃদুমুদ্ৰা ডেকা নামৰ ছাত্ৰীগৰাকী। সকলোৱে ভাবিছিল
তাই সুস্থ হৈ ঘৰলৈ ঘূৰি আহিব। কিন্তু যোৱা এমাহে মৃতুৰে যুঁজি যুঁজি আজি যেন পৰিয়ালটোৰ পৰা হেৰাই গ’ল, প্ৰথমে পৰিয়ালৰ লোকৰ সৈতে কথা পাতি আছিল, কিছু পৰিমাণে সুস্থিৰ হৈছিল। পৰিয়ালৰ লোকৰ লগতে মাতৃৰ অভিযোগ অনুসৰি অকল এজন লোকেই ১০ মিনিটত এই ঘটনা সংঘটিত কৰিব নোৱাৰে, নিশ্চয় আৰু কোনোবা জড়িত আছে, বিচাৰি উলিয়াব লাগে, মৃদুমুদ্ৰা হেৰাই গ’ল, নাই মানে একোৱেই নাই। সকলো শেষ হৈ গ’ল আমাৰ।
হিন্দুত্ববাদী সংগঠনসমূহৰ হুংকাৰ:- হিন্দুত্ববাদী সংগঠনসমূহে মৃদুমুদ্ৰা ডেকাৰ মৃত্যুৰ ঘটনাক লৈ নলবাৰীৰ গঙ্গাপুৰত এক প্ৰতিবাদী পৰিৱেশৰ সৃষ্টি কৰিছে। ৰোজ আলীৰ লগত জড়িত থকা অভিযুক্তক গ্ৰেপ্তাৰৰ দাবীত মৃতদেহ সৎকাৰ নকৰাৰ হুংকাৰ প্ৰদান কৰিছিল কেবাটাও হিন্দুত্ববাদী সংগঠনে। মৃদুমুদ্ৰা ডেকাৰ অকাল মৃত্যুক কেন্দ্ৰ কৰি সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ। মৃতদেহ নিজ গৃহত আহি পোৱাৰ আগমুহূৰ্তত শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছিল অঞ্চলটোত। তাৰ মাজতে আৰম্ভ হৈছিল প্ৰতিবাদ। ৰোজ আলীৰ সৈতে জড়িত থকা অভিযুক্তসকলক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ দাবীত পৰিয়ালৰ লগতে সনাতনী বীৰ হিন্দু সেনা আৰু বৰজং দলে মৃতদেহ সৎকাৰ নকৰাৰ দৰে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল যদিও জিলা প্ৰশাসনৰ শীৰ্ষ পৰ্যায়ৰ বিষয়াৰ লগত কৰা আলোচনামৰ্মে প্ৰতিবাদী কাৰ্যসূচী সাময়িকভাৱে উঠাই লোৱা বুলিও জিলা আৰক্ষী অধীক্ষকে জানিবলৈ দিয়ে।

মৃদুমুদ্ৰাৰ পিতৃৰ আৱেগিক ভাষ্য:-
আনহাতে, মৃদূমুদ্ৰাৰ পিতৃয়ে ইছলাম মানে শান্তি বুলি কৈ কিয় এনে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিলে বুলিও আৱেগিক হৈ পৰে। আমি কৃষ্ণ সংস্কৃতিৰ যোগেদি শংকৰদেৱৰ আদৰ্শ গ্ৰহণ কৰিছোঁ। মাধুৰ্য্য বৰ্মণ ভাল ল’ৰা আছিল, মোৰ ছোৱালীজনীও ভাল আছিল। মোৰ ছোৱালীক মই জ্ঞানৰ শিক্ষা দিছিলোঁ বুলি মন্তব্য কৰি এনে ঘটনা পুনৰাবৃতি নোহোৱাৰ কামনাৰে জ্ঞানেই শক্তি বুলি কৈ জয় আই অসম ধ্বনি দিয়ে।
আনহাতে, বহুত চেষ্টা কৰিও মৃদুমুদ্ৰাক বচাব নোৱাৰিলোঁ বুলি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অধ্যক্ষ দেৱজিৎ চৌধুৰীয়ে মন্তব্য কৰিছে। দুবাৰকৈ অস্ত্ৰোপচাৰ সম্পন্ন কৰা হৈছিল মৃদুমুদ্ৰাক। সন্ধিয়া প্ৰায় ৮.৩০ বজাত এম্বুলেঞ্চ যোগে গৃহত উপস্থিত হয় মৃদুমূদ্ৰা ডেকাৰ মৃতদেহ। অৱশেষত গৃহৰ সমীপৰ বস্তিত শোকাকুল পৰিৱেশৰ মাজত মৃদুমুদ্ৰাৰ অন্তোষ্টিক্ৰিয়া সম্পন্ন কৰাৰ যোজা চলাইছে। আনহাতে, মৃদুমুদ্ৰাৰ মৃতদেহ নিজ বাসগৃহৰ চোতালত আহি পোৱাৰ পিছতে বিভিন্ন দল সংগঠনৰ লগতে স্থানীয় ৰাইজে এক শোকাকুল পৰিৱেশৰ মাজত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
