বঙাইগাঁও জিলাৰ অভয়াপুৰীত এগৰাকী নাবালিকা হিন্দু কিশোৰীৰ সৈতে শ্লীলতাহানিৰ অভিযোগ উত্থাপন হোৱাৰ পিছতে চাঞ্চল্যৰ সৃষ্টি হৈছে। অভিযোগ অনুসৰি, অভিযুক্ত মাণিক আলীয়ে কিশোৰীগৰাকীক অশ্লীল ভিডিঅ’ দেখুৱাই অনৈতিক আচৰণ কৰাৰ লগতে তেওঁৰ গোপন অংগত স্পৰ্শ কৰাৰ অভিযোগ উঠিছে।
জানিব পৰা মতে, ঘটনাটো দিন-দুপৰতে সংঘটিত হয়। অভিযুক্ত মাণিক আলীয়ে ছাত্ৰীগৰাকীক ঘৰলৈ থ’বলৈ যোৱাৰ অজুহাতত এক নিৰ্জন স্থানলৈ লৈ যায়। তাত তেওঁ প্ৰথমে মোবাইলত অশ্লীল ভিডিঅ’ দেখুৱাই, তাৰ পিছত কিশোৰীগৰাকীৰ সৈতে শ্লীলতাহানিমূলক আচৰণ কৰাৰ অভিযোগ উত্থাপন হৈছে।
ঘটনাৰ কথা পোহৰলৈ অহাৰ পিছতে ক্ষুব্ধ স্থানীয় ৰাইজে অভিযুক্তক আটক কৰি আৰক্ষীক খবৰ দিয়ে। পৰৱৰ্তী সময়ত আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মাণিক আলীক নিজৰ জিম্মাত লৈ গ্ৰেপ্তাৰ কৰে।
ইতিমধ্যে আৰক্ষীয়ে ভুক্তভোগী কিশোৰী আৰু তেওঁৰ পৰিয়ালৰ বক্তব্য সংগ্ৰহ কৰাৰ লগতে ঘটনাৰ সৈতে জড়িত সকলো দিশ তদন্ত কৰি আছে। নাবালিকাৰ সৈতে জড়িত হোৱাৰ বাবে প্ৰযোজ্য আইন, প্ৰয়োজন অনুসৰি, প্ৰয়োগ কৰা হ’ব বুলি আৰক্ষী সূত্ৰে জানিবলৈ দিয়ে।
ঘটনাটোৱে সমগ্ৰ অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। স্থানীয় লোকে অভিযুক্তৰ বিৰুদ্ধে কঠোৰ আইনগত ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনাইছে।
