ধুবুৰীত অভিভাৱক মন্ত্ৰী অশোক সিংহলৰ প্ৰথম দিন ,ভাৰত বাংলাদেশ সীমান্তবাসীৰ সমস্যা বুজিবলৈ ভোগদাং গাঁৱত অভিভাৱক মন্ত্ৰী অশোক সিংহল

ধুবুৰীত অভিভাৱক মন্ত্ৰী অশোক সিংহলৰ প্ৰথম দিন ,ভাৰত বাংলাদেশ সীমান্তবাসীৰ সমস্যা বুজিবলৈ ভোগদাং গাঁৱত অভিভাৱক মন্ত্ৰী অশোক সিংহল


ধুবুৰী জিলাৰ অভিভাৱক মন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পাছত আজি অসম চৰকাৰৰ স্বাস্থ্য, পৰিয়াল কল্যাণ আৰু চিকিৎসা শিক্ষা তথা গৱেষণা বিভাগৰ মন্ত্ৰী অশোক সিংহলে ব্যস্ততাপূৰ্ণ কাৰ্যসূচীৰে জিলাখনৰ বিভিন্ন গুৰুত্বপূৰ্ণ স্থান পৰিদৰ্শন কৰে। ধৰ্মীয় স্থানত প্ৰাৰ্থনা জনোৱাৰ লগতে বিশিষ্ট ব্যক্তিসকলৰ সৈতে উন্নয়নমূলক আলোচনা কৰি আৰু ভাৰত-বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্ত অঞ্চল পৰিদৰ্শন কৰি সীমান্তবাসীৰ সমস্যাসমূহৰ বুজ লয়।

দিনটোৰ আৰম্ভণিতে মন্ত্ৰীগৰাকীয়ে ঐতিহ্যমণ্ডিত মা মহামায়া মন্দিৰত উপস্থিত হৈ পূজা-অৰ্চনা আগবঢ়ায়। ইয়াৰ পাছত বগৰীবাৰীৰ শ্ৰী শ্ৰী ২৫ হাট মা কালী মন্দিৰ দৰ্শন কৰি সেৱা জনায়। পৰৱৰ্তী সময়ত ধৰ্মীয় সম্প্ৰীতিৰ নিদৰ্শনস্বৰূপে ঐতিহাসিক শ্ৰী গুৰু তেগ বাহাদুৰ চাহিব গুৰুদ্বাৰা দৰ্শন কৰি গুৰুৰ চৰণত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

ইয়াৰ পিছত ধুবুৰী আৱৰ্ত ভৱনৰ সন্মিলন কক্ষত জিলাখনৰ বিভিন্ন প্ৰান্তৰ জ্যেষ্ঠ নাগৰিক, বিশিষ্ট ব্যক্তি আৰু বিভিন্ন ক্ষেত্ৰৰ প্ৰতিনিধিসকলৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। বৈঠকত জিলাখনৰ সৰ্বাংগীণ উন্নয়ন, আন্তঃগাঁথনি শক্তিশালীকৰণ, জনকল্যাণমূলক আঁচনিসমূহৰ ফলপ্ৰসূ ৰূপায়ণ, শিক্ষা, স্বাস্থ্য আৰু প্ৰশাসনীয় ব্যৱস্থাৰ উন্নয়নৰ বিভিন্ন দিশত বিস্তৃত আলোচনা কৰাৰ লগতে মত বিনিময় কৰে। বৈঠকত বিলাসীপাৰা বিধানসভা সমষ্টিৰ বিধায়ক জিবেশ ৰয়ো উপস্থিত থাকে।

দিনটোৰ অন্যতম গুৰুত্বপূৰ্ণ কাৰ্যসূচী হিচাপে মন্ত্ৰীগৰাকীয়ে ভাৰত-বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্তৱৰ্তী ভোগদাং গাঁও পৰিদৰ্শন কৰে। এই সময়ত স্থানীয় ৰাইজৰ সৈতে পোনপটীয়া বাৰ্তালাপ কৰি তেওঁলোকৰ বিভিন্ন সমস্যা আৰু দাবী-দাৱাসমূহৰ বুজ লয়। সীমান্তবাসীয়ে পথ-যোগাযোগ, মৌলিক সুবিধা, জনসেৱা আৰু আন্তঃগাঁথনি উন্নয়নৰ সৈতে জড়িত বিভিন্ন বিষয় উত্থাপন কৰে। মন্ত্ৰীগৰাকীয়ে ৰাইজৰ অভিযোগসমূহ সংশ্লিষ্ট বিভাগসমূহৰ সৈতে সমন্বয় সাধন কৰি প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ আশ্বাস প্ৰদান কৰে।

তেওঁ কয় যে, “বিকশিত অসম” গঢ়াৰ লক্ষ্যত ধুবুৰী জিলাৰ ভূমিকা বিশেষ তাৎপৰ্যপূৰ্ণ আৰু সীমান্ত অঞ্চলৰ উন্নয়নক ৰাজ্য চৰকাৰে বিশেষ অগ্ৰাধিকাৰ প্ৰদান কৰি আহিছে। ধুবুৰী জিলাক আগুৱাই নিয়াৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলিও তেওঁ উল্লেখ কৰে।ভাৰত-বাংলাদেশ সীমান্ত পৰিদৰ্শনৰ অন্তত মন্ত্ৰী অশোক সিংহলে সীমান্ত সুৰক্ষা বাহিনীৰ উচ্চপদস্থ বিষয়াসকলৰ সৈতে এক আলোচনাত মিলিত হয়।

উল্লেখ যে,মন্ত্ৰীগৰাকীৰ ভ্ৰমণকালত ধুবুৰী জিলাৰ জিলা আয়ুক্ত মেঘ নিধি দাহাল, সীমান্ত সুৰক্ষা বাহিনীৰ কেইবাজনো উচ্চপদস্থ বিষয়া, গোলকগঞ্জৰ সম জিলা আয়ুক্ত য়ুমকুম আই ইজুকুম আৰু ধুবুৰী জিলা বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ ৰয় উপস্থিত আছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top