উত্তৰ গুৱাহাটীত পৰকীয়া প্ৰেমক লৈ উত্তপ্ত পৰিস্থিতি, স্বামী-প্ৰেমিকা আটক

উত্তৰ গুৱাহাটীত পৰকীয়া প্ৰেমক লৈ উত্তপ্ত পৰিস্থিতি, স্বামী-প্ৰেমিকা আটক

উত্তৰ গুৱাহাটীৰ গৌৰীপুৰৰ নয়নপুৰত পৰকীয়া প্ৰেমক কেন্দ্ৰ কৰি সৃষ্টি হৈছে এক উত্তপ্ত পৰিস্থিতি। ঘটনাটোত স্বামীক প্ৰেমিকাৰ কোঠাত হাতে-লোটে ধৰিবলৈ সক্ষম হয় পত্নী, যাৰ পিছতেই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হয়।

অভিযোগ অনুসৰি, নলবাৰীৰ আৰিকুছিৰ বাসিন্দা চম্পক বৈশ্যই নিজৰ পত্নী আৰু দুজন সন্তানক উপেক্ষা কৰি দীৰ্ঘদিন ধৰি পৰকীয়া সম্পৰ্কত জড়িত হৈ আছিল। পত্নীৰ অভিযোগ মতে, তেওঁ দীৰ্ঘ সময় ধৰি শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলাই আহিছিল।

অৱশেষত, পত্নী ববিতা বৈশ্যই স্বামীক প্ৰেমিকাৰ সৈতে হাতে-লোটে ধৰি পেলায়। জানিব পৰা মতে, প্ৰেমিকা অনু হীৰা দুজন সন্তানৰ মাতৃ আৰু পূৰ্বৰ স্বামীৰ সৈতে সম্পৰ্ক বিচ্ছিন্ন কৰি গৌৰীপুৰৰ নয়নপুৰত ভাড়াতীয়া হিচাপে বাস কৰি আছিল।

অভিযোগত আৰু কোৱা হৈছে যে, বিগত তিনি বছৰে চলি অহা এই অবৈধ সম্পৰ্ক গোপন ৰাখিবলৈ চম্পক বৈশ্যই নিজৰ পৰিচয় সলাই “মিণ্টু বৈশ্য” বুলি পৰিচয় দিছিল। আনকি তেওঁ নিজকে এটা প’ৰ্টেল চেনেলৰ সাংবাদিক বুলি কৈছিল।

কিন্তু অৱশেষত পত্নীৰ অভিযোগৰ ভিত্তিত গৌৰীপুৰ আৰক্ষীয়ে অভিযান চলাই চম্পক বৈশ্য আৰু তেওঁৰ প্ৰেমিকাক আটক কৰে।

ঘটনাটোক লৈ অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়া দেখা গৈছে আৰু আৰক্ষীয়ে অধিক তদন্ত অব্যাহত ৰাখিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top