CIDৰ জিম্মাত শ্যামকানু মহন্ত — শৰীৰৰ বিষজৰ্জৰিত, মালিচ বিচাৰি কাকুতি! Zuben Garg Death Mystery

CIDৰ জিম্মাত শ্যামকানু মহন্ত — শৰীৰৰ বিষজৰ্জৰিত, মালিচ বিচাৰি কাকুতি! Zuben Garg Death Mystery

CIDৰ জিম্মাত শ্যামকানু মহন্ত — শৰীৰৰ বিষে জৰ্জৰিত, মালিচ বিচাৰি কাকুতি!

Zuben Garg Death Mystery । দীঘলদিন ধৰি CIDৰ জিম্মাত থকা শ্যামকানু মহন্তৰ অৱস্থা দিনে দিনে বেয়া হৈ পৰিছে। সূত্ৰ অনুসৰি, বৰ্তমান লকআপত তীব্ৰ শাৰীৰিক বিষত জৰ্জৰিত অৱস্থাত আছে শ্যামকানু। ১২ দিন ধৰি CID কাৰ্যালয়ৰ জিম্মাত থকা অভিযুক্ত শ্যামকানুৱে এতিয়া নিয়মিত শৰীৰ মৰ্দন (মালিচ) বিচাৰি তদন্তকাৰীসকলক কাকুতি-মিনতি কৰিছে।

সূত্ৰই জানায়, পকী মজিয়াত শুই-বহি দিন কটোৱা শ্যামকানু মহন্তৰ শৰীৰত বৰ্তমান তীব্ৰ বিষ অনুভূত হৈছে। CID কৰ্তৃপক্ষৰ পৰা নিজৰ শারীৰিক অসুবিধাৰ বাবে বিশেষ অনুমতি লৈ বডী মাছাজৰ ব্যৱস্থা কৰিবলৈ অনুৰোধ জনাইছে তেওঁ।

পূৰ্বে, শ্যামকানু মহন্তে এমাহত দুবাৰকৈ ব্যক্তিগত শৰীৰ মৰ্দন লৈছিল বুলি জানিব পৰা গৈছে। CIDৰ কৰ্তৃপক্ষই চিকিৎসকৰ পৰামৰ্শত ইয়াক অনুমতি দিব নে নাই, তাত বৰ্তমান আলোচনা চলি আছে।

সূত্ৰৰ মতে, শ্যামকানু মহন্তৰ শাৰীৰিক অৱস্থা অস্থিৰ হৈ পৰাত CIDয়ে চিকিত্সা পৰীক্ষাৰো ব্যৱস্থা কৰিবলৈ চিন্তাভাবনা কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top