Zubeen Garg Death Case । শ্যামকানু-সিদ্ধাৰ্থৰ গ্ৰেপ্তাৰক নাটক আখ্যা গৌৰৱ গগৈৰ
“দুয়োজনে অসমলৈ আহি আছে বুলি আগতেই ফেচবুক যোগে জনাই দিছিল” — গৌৰৱ গগৈ
শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থৰ গ্ৰেপ্তাৰক লৈ নতুন মন্তব্য আগবঢ়ালে যোৰহাটৰ সাংসদ গৌৰৱ গগৈ। তেওঁ এই গ্ৰেপ্তাৰক “নাটক” বুলি উল্লেখ কৰি চৰকাৰৰ ওপৰত বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে।

গৌৰৱ গগৈয়ে কয় —
- “দুয়োজনে অসমলৈ আহি আছে বুলি আগতেই ফেচবুক যোগে জনাই দিছিল।”
- “চৰকাৰে কেতিয়াবাই আনিব পাৰিলেহেঁতেন।”
- “কিন্তু অসমলৈ আনি কেনেদৰে দুয়োকে নিৰাপত্তা দিব লাগিব তাৰ চৰ্ত বোৰ মিলা নাছিল।”
- “আজি চৰ্ত মিলিলত দুয়োজনক লৈ আনিছে।”
তেওঁ লগতে মন্তব্য কৰে যে, এই গোচৰ অতি গুৰুত্বপূৰ্ণ, সেইবাবে “ফ্ৰাষ্টট্ৰেক আদালতত তদন্ত হ’ব লাগিব” বুলি আশা প্ৰকাশ কৰে।
