Sipajhar News । ছিপাঝাৰত ত্ৰিপল মৃত্যু ঘটনা : হত্যাকাণ্ডোনে নে পৰিয়ালকেন্দ্ৰিক সংঘাত?

Sipajhar News । ছিপাঝাৰত ত্ৰিপল মৃত্যু ঘটনা : হত্যাকাণ্ডোনে নে পৰিয়ালকেন্দ্ৰিক সংঘাত?

Sipajhar News । ছিপাঝাৰত ত্ৰিপল মৃত্যু ঘটনা : হত্যাকাণ্ডোনে নে পৰিয়ালকেন্দ্ৰিক সংঘাত?

বৃহস্পতিবাৰে ছিপাঝাৰত সংঘটিত হয় এক ৰোমহর্ষক ঘটনা। এখন পৰিয়ালৰ তিনিগৰাকী সদস্যৰ মৃত্যুৱে সম্পূৰ্ণ অঞ্চলক জোকাৰি তোলে।

ঘৰৰ ভিতৰত উদ্ধাৰ হয় মাতৃ প্ৰতিমা নাথ আৰু ১২ বছৰীয়া পুত্ৰ ধৃতিৰাজ নাথৰ মৃতদেহ। দুয়োটা মৃতদেহত স্পষ্ট দেখা যায় ক্ষত-বিক্ষত আঘাতৰ চিন। চোকা অস্ত্ৰৰে আঘাত হেনে দুয়োৰে প্ৰাণ কঢ়া হৈছে বুলি প্ৰাৰম্ভিক পৰ্যায়তেই সন্দেহ হয়।

ইপিনে, ঘৰখনৰ চোতালত উদ্ধাৰ হয় পৰিয়ালৰ মূৰব্বী দীপক নাথৰ মৃতদেহ। দীপক নাথ আছিল বকো ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ লাটমণ্ডল। এই চমকপ্ৰদ ঘটনাই স্থানীয় ৰাইজক হতভম্ব কৰি তোলে।

প্ৰথমতে ঘটনাটোক ‘ত্ৰিপল মাৰ্ডাৰ’ বুলি ধাৰণা কৰিছিল ৰাইজ। মাতৃ-পুত্ৰৰ মৃতদেহ ভিতৰত আৰু দীপক নাথৰ মৃতদেহ বাহিৰত উদ্ধাৰ হোৱা পৰিস্থিতিৰে একে ধৰণৰ অনুমান জন্ম দিছিল। ঘটনাস্থলীত উপস্থিত হোৱা ৰাইজে দুৰ্বৃত্তই দাৰে ঘপিয়াই হত্যা কৰিছে বুলি মন্তব্য কৰিছিল।

খবৰ পোৱাতেই আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু আৰম্ভ কৰে গভীৰ তদন্ত। প্ৰতিটো দিশত তন্ন তন্নকৈ পৰীক্ষা চলাইছে আৰক্ষীয়ে। শেহতীয়াকৈ এই ঘটনাত আৰক্ষীয়ে লাভ কৰিছে এটা গুৰুত্বপূর্ণ ক্লু।

প্ৰশ্ন উঠিছে— এই মৃত্যু হত্যাকাণ্ডৰ ফল নে পৰিয়ালকেন্দ্ৰিক সংঘাতৰ কোনো পৰিণতি? পত্নী প্ৰতিমা নাথ আৰু পুত্ৰ ধৃতিৰাজৰ লগতে দীপক নাথৰ অকাল মৃত্যু কিদৰে ঘটিল, ইয়াৰ প্ৰকৃত কাৰণ শীঘ্ৰেই পোহৰলৈ আহিব বুলি আৰক্ষীয়ে জনাইছে।

ছিপাঝাৰৰ এই ঘটনা এতিয়াও অঞ্চলটোৰ মানুহৰ মাজত তীব্ৰ চাঞ্চল্য সৃজন কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top