FAB LOOKS । মহানগৰীৰ স্পা আৰু বিউটী পাৰ্লাৰত আৰক্ষীৰ অভিযান

গুৱাহাটী মহানগৰীত আৰক্ষীৰ দ্বাৰা বিশেষ অভিযান চলোৱা হয়। উলুবাৰীৰ সীমা প্লাজাত অৱস্থিত FAB LOOKS নামৰ স্পা আৰু পাৰ্লাৰত পল্টনবজাৰ আৰক্ষীয়ে অভিযান আৰম্ভ কৰে।

অভিযানত সন্দেহজনক কার্যকলাপৰ আভাস পোৱাৰ পাছত আৰক্ষীয়ে স্থানটোতে তল্লাশি কৰে। এই অভিযানত ৯ জনী যুৱতী আৰু ৩ জন গ্ৰাহকক আটক কৰিবলৈ সক্ষম হয় আৰক্ষী।

আটক কৰা সকলক পল্টনবজাৰ আৰক্ষী থানাত লৈ যোৱা হৈছে আৰু আগলৈ আইনী প্ৰক্ৰিয়া চলি আছে।

👉 মহানগৰীৰ বিভিন্ন স্পা আৰু পাৰ্লাৰত অহা দিনত আকৌ এনে অভিযান চলাই যাব বুলি আৰক্ষী সূত্রে জানিব পৰা গৈছে।
