Nagaon । নগাঁও জিলাৰ চামগুৰি চিমনাবস্তিত সংঘটিত হৈছে এক শিহৰণ জগোৱা ঘটনা। কোনো দুৰ্বৃত্তই মাতৃ–পুত্ৰক নিজ গৃহতেই জীৱন্তে জ্বলাই হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকসকলে।

গত নিশা শুই থকা অৱস্থাতেই মাতৃ-পুত্ৰক জ্বলাই দিয়া হৈছে বুলি অনুমান। পুৱা স্থানীয় লোকে জ্বলন্ত গৃহখনত এই বিভৎস দৃশ্য প্ৰত্যক্ষ কৰি চামগুৰি আৰক্ষীক খবৰ দিয়ে।
আৰক্ষী ঘটনাস্থলত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। যদিও ঘটনাটোৰ পূৰ্ণাঙ্গ তথ্য এতিয়াও পোহৰলৈ অহা নাই। আৰক্ষীৰ সূক্ষ্ম তদন্তৰ পাছতহে এই হত্যাকাণ্ডৰ অন্তৰ্নিহিত কাৰণ আৰু মূল দোষীসকলক লৈ স্পষ্টতা আহিব বুলি জানিব পৰা গৈছে।
