GST । ২২ ছেপ্টেম্বৰৰ পৰা কার্যকৰী হ’ব নতুন নিৰিখ। দেশত এতিয়া প্ৰচলিত ৪ তৰপীয়া GST ব্যৱস্থাৰ পৰিৱৰ্তে আৰম্ভ হ’ব ২ তৰপীয়া GST ব্যৱস্থা।

এই নতুন ব্যৱস্থাৰে বিভিন্ন সামগ্রীৰ ওপৰত শুল্ক হ্ৰাস পোৱা বাবে বহু সামগ্ৰীৰ দাম কমিব।
👉 দাম হ্ৰাস পোৱা সামগ্ৰীসমূহঃ
- পেকেট গাখীৰ, পনীৰ, ভাৰতীয় ব্ৰেড
- ৩৩ বিধ জীবনদায়িনী ঔষধ
- চুলিত ঘহা তেল, চেম্পো, টুথপেষ্ট, ছেভিং ক্ৰীম, টুথব্ৰাছ
- বাটাৰ, ঘিউ, ডায়েৰী প্ৰডাক্ট
- নমকীন, ভুজিয়া, মিক্সাৰ, পেন্সিল, ছাৰ্পনাৰ, ক্রেয়নছ, নোটবুক
- ট্ৰেক্টৰৰ টায়াৰ, পাৰ্টছ, ট্রেক্টৰ, জৈৱ কীটনাশক
- ব্যক্তিগত স্বাস্থ্য আৰু জীবন বীমাত শূন্য GST
- টিভি, বাছিং মেছিন, AC
- ১২০০CCৰ তলৰ চাৰিচকীয়া বাহন
- অটোমোবাইল পার্টছ, চিমেণ্ট, মনিটৰ, প্ৰজেক্টৰ
👉 দাম বৃদ্ধি পোৱা সামগ্ৰীসমূহঃ
- পানমচলা, গুটখা, চিগাৰেট
- দামী গাড়ী
- ফলৰ ৰস
- হেলিকপ্টাৰ (ব্যক্তিগত ব্যৱহাৰ)

এইবোৰ সামগ্ৰীসমূহত GST ৪০ শতাংশলৈ বৃদ্ধি হ’ব।
