উৎসৱমুখৰ পৰিৱেশত যোৱা কালি দুধনৈ সমজিলা উদ্ঘাটন। Ranjeet kumar Das

উৎসৱমুখৰ পৰিৱেশত যোৱা কালি দুধনৈ সমজিলা উদ্ঘাটন। Ranjeet kumar Das

Ranjeet Kumar Das । প্ৰশাসনিক দক্ষতা বৃদ্ধি তথা প্ৰশাসনক ৰাইজৰ অধিক কাষ চপাই নিয়াৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে সমজিলাৰ ধাৰণাটোক বাস্তৱ ৰূপ প্ৰদান কৰিছে।

ৰাজ্যখনত প্ৰথম পৰ্যায়ত ৩৯ খন সমজিলা স্থাপন কৰাৰ পিছত দ্বিতীয় পৰ্যায়ত ১০ খন সমজিলা স্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰিছে।
সেই অনুসৰি যোৱা কালি অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন,আইন , পৰ্যটন আৰু সাধাৰণ প্ৰশাসন বিভাগৰ মন্ত্ৰী ৰঞ্জিত দাসে দুধনৈ সমজিলা উদ্বোধন কৰে।


দুধনৈৰ উদয়পুৰত স্থাপন কৰা সমজিলা কাৰ্যালয়ৰ চৌহদত গোৱালপাৰা জিলা প্ৰশাসনে আয়োজন কৰা উদ্বোধনী অনুষ্ঠানত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস লগতে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভা, ১৫ নং দুধনৈ বিধান সভা সমষ্টিৰ বিধায়ক যাদৱ স্বৰ্গীয়াৰী, গোৱালপাৰা জিলা পৰিষদৰ সভাপতি মহন্ত ৰাভা, গোৱালপাৰাৰ জিলা আয়ুক্ত প্ৰদীপ টিমুং, জ্যেষ্ঠ আৰক্ষী অধীক্ষক নৱনীত মহন্ত, গোৱালপাৰা উন্নয়ন প্ৰাধিকৰণৰ সভাপতি দীপক নাথ, গোৱালপাৰা জিলা ভাৰতীয় জনতা পাৰ্টীৰ সভাপতি দীপাংক নাথ, নৱনিযুক্ত সমজিলা আৰক্ষী অধীক্ষক নুপুৰ ৰঞ্জন নেওগ আদিয়ে অংশগ্ৰহণ কৰে।

জিলা আয়ুক্ত প্ৰদীপ টিমুংয়ে সভাৰ আৰম্ভণিতে আদৰণি ভাষণ প্ৰদান কৰে।
বিধায়ক যাদৱ স্বৰ্গীয়াৰী আৰু টংকেশ্বৰ ৰাভা সভাখনত ভাষণ প্ৰদান কৰাৰ পাছত অনুষ্ঠানৰ মুখ্য অতিথি মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে ভাষণ প্ৰদান কৰে। ইয়াৰ পিছতে মন্ত্ৰী গৰাকীয়ে দুধনৈ সমজিলা কাৰ্যালয় মুকলি কৰি শুভ উদ্বোধন কৰে।


তেখেতে নতুনকৈ নিযুক্ত কৰা দুধনৈ সমজিলাৰ “সমজিলা আয়ুক্ত” অৰুণ কুমাৰ ব্ৰহ্ম”ক কাৰ্যালয়ৰ ভিতৰত আসন গ্ৰহণ কৰাই শুভেচ্ছা আৰু অভিনন্দন জনায়।
মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে সংবাদ মাধ্যমৰ লগতো মতবিনিময় কৰে আৰু দুধনৈ সমজিলাই দুধনৈ বাসী ৰাইজৰ আশা আকাংক্ষা পুৰণ কৰিব বুলি মন্তব্য কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top