শৃংখল চলিহাৰ বক্তব্যত অসন্তুষ্ট অখিল গগৈ, ৰণ্টু পানীফুকনলৈ কঠোৰ পত্ৰ । Akhil Gogoi

শৃংখল চলিহাৰ বক্তব্যত অসন্তুষ্ট অখিল গগৈ, ৰণ্টু পানীফুকনলৈ কঠোৰ পত্ৰ । Akhil Gogoi

Akhil Gogoi । শৃংখল চলিহাৰ বক্তব্যত অসন্তুষ্ট অখিল গগৈ, ৰণ্টু পানীফুকনলৈ কঠোৰ পত্ৰ

“সম্প্ৰীতি শেষ, যুদ্ধ হ’ব” — গণতান্ত্ৰিক নীতিৰ বিপৰীতে ভয়ংকৰ উচটনি!

শিৱসাগৰত সাম্প্ৰতিক সময়ত শৃংখল চলিহাৰ নেতৃত্বত বীৰ লাচিত সেনাৰ ক্ৰিয়াকলাপৰ ওপৰত তীব্ৰ অসন্তোষ প্ৰকাশ কৰিছে কৃষক নেতা তথা বিধায়ক অখিল গগৈয়ে। শৃংখলৰ সাম্প্ৰদায়িক উস্কানিমূলক বক্তব্যসমূহৰ প্ৰতি গভীৰ উদ্বেগ প্ৰকাশ কৰি বীৰ লাচিত সেনাৰ মুখ্য সচিব ৰণ্টু পানীফুকনলৈ এখন খোলা পত্ৰ লিখিছে অখিল গগৈয়ে।

পত্ৰখনত তেওঁ কয়:

“শৃংখলৰ ভিডিঅ’টো শুনি মোক প্ৰশ্ন জাগে—এই কথা এটা জাতীয় সংগঠনৰ নেতাৰ বুলি বিশ্বাস কৰিব পাৰিবনে? এইবোৰ কি গণতান্ত্ৰিক আন্দোলনৰ ভাষা নে সাম্প্ৰদায়িক ৰাজনীতিকৰ জিহ্বা? সম্প্ৰীতিৰ এই ধৰণৰ উচটনি কথাবোৰে কি শিৱসাগৰৰ মাজতে সাম্প্ৰদায়িক সংঘৰ্ষৰ ভূমি তৈয়াৰ কৰাৰ অপচেষ্টা নহয়?”

অখিল গগৈয়ে স্পষ্টকৈ কয়, “যদি বিদেশী খেদা উদ্দেশ্য থাকে, তেন্তে সংগঠনে চৰকাৰ বা প্ৰশাসনক তালিকা দিয়াৰ, তথ্য দিয়াৰ, চৰকাৰৰ মাধ্যমেই খেদাবৰ পথ অনুসৰণ কৰিব লাগে। সংগঠনৰ ল’ৰাই ভাড়াঘৰ খুন্দিয়াই বিদেশী বিচাৰি ফুৰা—সম্প্ৰীতিৰ গুৰুত্ব বেয়া নুবুজি কৰা কাম।”

তেওঁ উল্লেখ কৰে যে, গণআন্দোলনৰ মূল নীতি হৈছে — মানুহ নহয়, চৰকাৰ হ’লেই লক্ষ্য। সকলো সংগঠনে নিজৰ দাবী পূৰণৰ বাবে চৰকাৰক লক্ষ্য কৰি সংগ্ৰাম গঢ়িব লাগে, সৰ্বসাধাৰণ জনতাৰ লগত মুখামুখি হোৱা গণতান্ত্ৰিক নীতিৰ সম্পূৰ্ণ বিপৰীত।

শৃংখল চলিহাৰ উচটনিমূলক বক্তব্যসমূহৰ উদাহৰণ স্বৰূপে অখিল গগৈয়ে তলত কয়:

১. “সম্প্ৰীতি শেষ, যুদ্ধ হ’ব।”
২. “সম্প্ৰীতি-ছম্প্ৰীতি এতিয়া শিৱসাগৰত শেষ, যুদ্ধ হ’ব।”
৩. “চেলেঞ্জ কৰিছোঁ– দম আছে যদি তহঁতে লাগিব আহিবি– ক’ত লাগিবি কবি।”
৪. “যদি শিৱসাগৰ জ্বলে জ্বলিব।”
৫. “মুখামুখি সংঘৰ্ষ বিচাৰিছে, হ’ব সংঘৰ্ষ।”
৬. “সম্প্ৰীতি দেখুওৱাৰ ঠিকা লৈ থৈছোঁ নেকি?”
৭. “কিহৰ সম্প্ৰীতি সদায় সদায়?”
৮. “যুদ্ধ হ’বই। প্ৰয়োজনত হেংদাং হ’ব। বিকল্প চিন্তা থাকিব পাৰে, কিন্তু যুদ্ধ হ’বই।”

এই সমূহ বক্তব্যক তেওঁ “সাম্প্ৰদায়িক সংঘৰ্ষৰ বাবে বিজেপি-আৰএছএছৰ ওলাই থকা কামনাৰ এক ৰূপ” বুলি মন্তব্য কৰে।

অখিল গগৈয়ে ৰণ্টু পানীফুকনক অনুৰোধ জনায়,

“সুচিন্তিত সিদ্ধান্ত ল’বি। যেন অসমৰ ইতিহাসত তহঁতৰ সংগঠনৰ নাম ফেচিবাদক সমৰ্থক হিচাপে নোলেখা হয়। গণতান্ত্ৰিক সংগঠনৰ মৌলিক নীতিৰ পৰা আঁতৰি ৰাইজৰ মাজত সংঘৰ্ষ সৃষ্টি কৰাৰ পথত তহঁতৰ সংগঠন যেন সহায়ক নহয়।”


এই খোলা পত্ৰখনে শিৱসাগৰত শৃংখল চলিহাৰ নেতৃত্বত হোৱা কিছু আন্দোলনমূলক ক্ৰিয়াকলাপৰ ওপৰত গভীৰ গণতান্ত্ৰিক মূল্যবোধৰ ভেটিত এটা প্ৰয়োজনীয় আৰু সময়োচিত সমালোচনা হিচাপে প্ৰত্যক্ষ কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top