জুৰিয়াত অখিল গগৈৰ সভাত বিজেপি জিন্দাবাদ ধ্বনি: সংখ্যালঘুৰ শ্ল’গানে উঠিল ৰাজনৈতিক তৰ্ক । Akil Gogoi

জুৰিয়াত অখিল গগৈৰ সভাত বিজেপি জিন্দাবাদ ধ্বনি: সংখ্যালঘুৰ শ্ল’গানে উঠিল ৰাজনৈতিক তৰ্ক । Akil Gogoi

Akil Gogoi । নগাঁও জিলাৰ জুৰিয়া অঞ্চলত ৰাইজৰ দলৰ উদ্যোগত অনুষ্ঠিত হোৱা এখন বিশাল ৰাজনৈতিক সভাত অনাকাঙ্ক্ষিত পৰিস্থিতিৰ সৃষ্টি হয়। সভাখনত উপস্থিত থকা এখন সংখ্যালঘু গোটৰ এগৰাকী লোকে হঠাৎকৈ “বিজেপি জিন্দাবাদ” ধ্বনি দিয়া আৰম্ভ কৰে।অখিলে দিয়ে বিজেপি গ’ বেক আৰু সৰ্মথকে দিয়ে বিজেপি জিন্দাবাদ শ্ল’গান !

জিন্দাবাদ ধ্বনি দিয়াৰ পিছতে হঠাৎ ৰখি দিলে অখিল গগৈয়ে…

এই ঘটনাই মুহূৰ্ততে সভাত চাঞ্চল্যৰ সৃষ্টি কৰে। সভাখনতে উপস্থিত থকা বহুতে আচৰিতভাৱে এই শ্ল’গানক লক্ষ্য কৰি ৰুচি প্ৰকাশ কৰে। অখিল গগৈয়ে তৎক্ষণাত বক্তব্য ৰখি থিয় দিয়ে আৰু এই আচৰণৰ তীব্ৰ ভৎসনা কৰে। তেওঁ স্পষ্টভাৱে কয় —
“আমি বিজেপিৰ বিৰুদ্ধে লৰাই কৰিছো, বিজেপি গ’বেক, তাতে এই ধ্বনি কেনেকে?”

অখিল গগৈয়ে ঘটনাটোক “জিভা পিছলি হঠাৎ” বুলি আখ্যা দি সভাটো পুনৰ নিয়ন্ত্ৰণলৈ আনে। এই ঘটনাই সামাজিক মাধ্যমতো তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে। ৰাইজৰ দলৰ বহু সমৰ্থকে এই ঘটনাটো “ভিতৰৰ ষড়যন্ত্ৰ” বুলি বর্ণনা কৰিছে।

জুৰিয়াৰ এই ঘটনা পৰৱৰ্তী সময়ত দলীয় ৰাজনীতিত কেনে প্ৰভাৱ পেলায়, সেয়া লক্ষ্য ৰাখিবলগীয়া হব।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top