লাভ জেহাদ আৰু তালিবানী অত্যাচাৰৰ ভয়ংকৰ ঘটনা, পত্নীক ফেনত ওলোমালে স্বামী । Love Jihad

লাভ জেহাদ আৰু তালিবানী অত্যাচাৰৰ ভয়ংকৰ ঘটনা, পত্নীক ফেনত ওলোমালে স্বামী । Love Jihad

দক্ষিণ কামৰূপৰ বিজয়নগৰ হালিগাঁৱত লাভ জেহাদ আৰু তালিবানী অত্যাচাৰৰ ভয়ংকৰ ঘটনা, পত্নীক ফেনত ওলোমালে স্বামী । Love Jihad

দক্ষিণ কামৰূপৰ বিজয়নগৰ অন্তৰ্গত হালিগাঁৱত সংঘটিত হৈছে এক শিহৰণকাৰী ঘটনা। প্ৰথমতে লাভ জেহাদ, তাৰ পিছতেই তালিবানী ধৰণৰ শাস্তি — এনে এক নৃশংস কাণ্ড সংঘটিত কৰিছে চফিকুৰ ৰহমান নামৰ এজন পাষণ্ডই।

অভিযোগ অনুসাৰে, চফিকুৰে প্ৰলোভন দেখুৱাই কংকনা দাস নামৰ হিন্দু যুৱতী এগৰাকীৰ সৈতে বিবাহ সম্পন্ন কৰে। কিন্তু বিবাহৰ কিছু সময়ৰ পিছতেই কংকনাৰ ওপৰত চলাব ধৰিলে ভয়ংকৰ অত্যাচাৰ। অত্যাচাৰৰ সীমা অতিক্ৰম কৰি, হাত-ভৰি বান্ধি পত্নীক ফেনত ওলোমাই ৰাখে অভিযুক্ত স্বামীয়ে।

এই ঘটনা পোহৰলৈ অহাৰ পিছতে, যুৱতী গৰাকীৰ পৰিয়ালে পলাশবাৰী আৰক্ষী চকীত এজাহাৰ দাখিল কৰে। অভিযোগ পোৱাৰ লগে লগে আৰক্ষীয়ে চফিকুৰ ৰহমানক গ্ৰেপ্তাৰ কৰি সোধাপোছা আৰম্ভ কৰে।

স্থানীয় ৰাইজৰ মাজতো এই ঘটনাই ব্যাপক তীব্ৰ প্ৰতিবাদৰ সৃষ্টি কৰিছে। ভুক্তভোগী যুৱতীৰ পৰিয়ালে ন্যায় বিচাৰ আৰু দোষীক কঠোৰ শাস্তি দিয়াৰ দাবী জনাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top