মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই গুৱাহাটীত নিৰ্মাণ কৰিছে পত্নীৰ নামত তিনি তাৰকাযুক্ত বিশাল হোটেল

মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই গুৱাহাটীত নিৰ্মাণ কৰিছে পত্নীৰ নামত তিনি তাৰকাযুক্ত বিশাল হোটেল !

মন্ত্ৰী হোৱাৰ পাছত অসমৰ জনস্বাস্থ্য কাৰিকৰী বিভাগ আৰু গুৱাহাটী উন্নয়ন দ৫১১ মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ পত্নীৰ নামত দুটা দিনত ৭৫ বিঘা ৩ কঠা ১৬ লেচা মাটি ক্ৰয়ৰ তথ্য ৰাজহুৱা হোৱাৰ পাছত আজি পুনৰ উন্মোচিত হয় মন্ত্ৰী পত্নী জুলি ডেকা বৰুৱাৰ গুৱাহাটীৰ মাজ মজিয়াত পাঁচ মহলীয়া এক বিশাল হোটেলৰ তথ্য৷ হোটেলখনৰ নাম কৈলাশ ৰেচিডেন্সি৷ ঠিকনা ঃ আৰ পি ৰ’ড, এম এল এ হোষ্টেলৰ পিছফাল, গণেশগুৰি৷ চ্ছ্ৰ জুনত ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে ফাদিল কৰিছিল জয়ন্তমল্ল বৰুৱাৰ পত্নীৰ মালিকানাধীন কোম্পানী ‘জেএমবি একুৱা এগ্ৰ’ প্ৰাইভেট লিমিটেড’-এ ৰঙিয়াত একেটা দিনতে চ্ছ এপ্ৰিল, ২০২৩ তাৰিখে ক্ৰয় কৰা ৩৯ বিঘা ৩ কঠা ১৬ লেচা মাটিৰ তথ্য৷ লগতে বিধায়কজনে প্ৰকাশ কৰিছিল যে মন্ত্ৰী জয়ন্তমল্লই ৮৫ বিঘা চৰকাৰী ভূমিও বেদখল কৰিছে৷ তাৰ আগতে সংবাদ মাধ্যমত প্ৰকাশ পাইছিল মন্ত্ৰী পত্নী জুলি ডেকা বৰুৱাই একেটা দিনতে তেজপুৰত ক্ৰয় কৰা ৩৬ বিঘা মাটিৰ তথ্য৷ এইদৰে ফাদিল হৈছিল জুলি ডেকা বৰুৱাৰ নামত ক্ৰয় কৰা ৭৫ বিঘা মাটিৰ তথ্য৷ এজন মন্ত্ৰী পত্নীৰ নামত বিঘাই বিঘাই মাটি ক্ৰয়ৰ চাঞ্চল্যকৰ তথ্য প্ৰকাশৰপাছতে আজি পুনৰ অখিল গগৈয়ে ফাদিল কৰে জয়ন্তমল্ল বৰুৱাৰ পত্নীৰ নামত গুৱাহাটীৰ অভিজাত এলেকাত নিৰ্মাণ কৰা বিশাল হোটেল কৈলাশ ৰেচিডেন্সিৰ তথ্য৷


উল্লেখযোগ্য যে চ্ছ এপ্ৰিল, ২০২৩ তাৰিখৰ দিনা ৰঙিয়াত ৩৯ বিঘা ৩ কঠা ১৬ লেচা মাটি ক্ৰয় কৰা সেই চ্ছ এপ্ৰিল, ২০২৩ তাৰিখৰ দিনাই জুলি ডেকা বৰুৱাৰ নামত ক্ৰয় কৰা হয় দিছপুৰ ৰাজহ চক্ৰৰ অধীনত জটিয়া ৰাজহ গাঁৱত ২ কঠা ১৮.৭৯ লেচা মাটিও৷ এজন মানুহৰ হাতত কিমান টকা থাকিলে একেটা দিনতে প্ৰায় ৪০ বিঘা মাটি ক্ৰয় কৰাৰ উপৰিও গুৱাহাটীত বহু কোটি টকীয়া মাটি ক্ৰয় কৰিব পাৰে বুলি সংবাদ মেলত অখিল গগৈয়ে প্ৰশ্ন উত্থাপন কৰে৷ তাৎপৰ্যপূৰ্ণ কথাটো হ’ল এই যে মাটি ক্ৰয় কৰা হৈছে ৰামেশ্বৰ তালুকদাৰ নামৰ গুৱাহাটীৰ এগৰাকী কুখ্যাত মাটিৰ দালালৰ পৰা৷ পট্টা নং ৮২০, দাগ নং ১০৮৩৷ গুৱাহাটীৰ অন্যতম গুৰুত্বপূৰ্ণ এলেকাৰ এই মাটিৰ মূল্যই হ’ব কেইবা কোটি টকা৷ দিছপুৰৰ এম এল এ হোষ্টেলৰ পিছফালে এম পি বুকষ্টলৰ লগতে লাগি থকা এই মাটিতে নিৰ্মাণ কৰা হৈছে কৈলাশ ৰেচিডেন্সি৷ কেইবা কোটি টকাৰ এই মাটিত নিৰ্মাণ কৰা হৈছে কেইবা কোটি টকীয়া হোটেল কৈলাশ ৰেচিডেন্সিৰ বিল্ডিং৷ হোটেলখনৰ তলৰ মহলাত ইতিমধ্যে খোলা হৈছে বহুজাতিক কোম্পেনী কে এফ চিৰ ফ্ৰেনচাইজী৷ চ্ছ্ৰ জুনত ৰাইজৰ দলৰ এটা প্ৰতিনিধি দলে পৰ্যবেক্ষণ কৰি আহে জুলি ডেকা বৰুৱাৰ কৈলাশ ৰেচিডেন্সি৷ ইতিমধ্যে নিৰ্মাণ সম্পূৰ্ণ হোৱা পাঁচ মহলীয়া বিলাসী হোটেলখনৰ ভিতৰচোৱা অত্যাধুনিক সা-সুবিধাৰে তিনি তাৰকাযুক্ত হোটেলখনৰ অন্তৰ্ভাগৰ কামো শেষ হোৱাৰ পথত৷ অতি বিলাসবহুল এই হোটেলখনৰ ফটোও সংবাদ মেলত ৰাজহুৱা কৰে বিধায়ক অখিল গগৈয়ে৷ ফটোৰ পৰাই প্ৰমাণ হয় কিমান বিলাসী হোটেল নিৰ্মাণ কৰিছে মন্ত্ৰী পত্নী জুলি ডেকা বৰুৱাই৷
মন্ত্ৰী হোৱাৰ পাছতে জয়ন্তমল্ল বৰুৱাৰ পত্নীয়ে হাতত পাইছে নেকি আলাদিনৰ চাকি? নহ’লে ক’ৰ ধনেৰে এইদৰে সম্পত্তিৰ পাহাৰ গিI.ছে মন্ত্ৰী পত্নী জুলি ডেকা বৰুৱাই?
উল্লেখযোগ্য যে এটকাৰ দুৰ্নীতি দেখিলেও বাঘৰ দৰে জঁপিয়াম বুলি কৈছিল মুখ্যমন্ত্ৰী ডঙ্ম হিমন্ত বিশ্ব শৰ্মাই৷ সেই বাঘটো ক’ত এতিয়া? বাঘটোৱে নাকত তেল দি শুইছে৷ বাঘটো নুঠে৷ কেৰাণী, মহৰী, মণ্ডল, শিক্ষক, পিয়ন, কনিষ্টবলৰ দুৰ্নীতি দেখিলেহে বাঘটোৱে সাৰ পাই গুজৰণি দিয়ে৷ জয়ন্তমল্ল, জুলি ডেকা বৰুৱাক বাঘটোৱে হয়তো ভয় কৰে৷ আৰ এছ এছৰ ডাঙৰ নেতা বশিষ্ঠ বুজৰবৰুৱা, উমেশ চক্ৰৱৰ্তী, ভূপেশ শৰ্মাৰ দৰে বাঘটোৱে শুই নিঃপালি দিছে৷ অসমত কপালৰ ঘাম মাটিত পেলাই তিলতিলকৈ বিজেপিৰ ভেটি বনোৱাসকলে বিজেপি চৰকাৰৰ দিনত মাটি, সম্পত্তিৰ পাহাৰ বনাব পৰা নাই৷ ২০১৪ চনত দিল্লীত মোডী চৰকাৰ হোৱাৰ পিছত বিজেপিৰ ভাল দিন দেখি জেল যাত্ৰাৰ ভয়ত কংগ্ৰেছৰ পৰা বিজেপিলৈ অহাকেইজনৰ পত্নী কেইজনীহে কোটিপতি হৈছে৷ পুৰণি বিজেপিৰ পত্নীবোৰে ঘৰত ভাত ৰান্ধিয়ে আছে – সংবাদ মেলত অখিল গগৈৰ মন্তব্য৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top