Gorchuk Police Station । শনিবাৰ, ১৪ জুনৰ দিনটোত ভীমাশঙ্কৰ মন্দিৰৰ প্ৰাংগণত এজন অচিনাক্ত ব্যক্তি অসুস্থ অৱস্থাত থকা দৃশ্য স্থানীয় ৰাইজে লক্ষ্য কৰে। ঘটনা সন্দৰ্ভত ততালিকে গড়চুক আৰক্ষীক খবৰ দিয়ে এজন প্রত্যক্ষদৰ্শীয়ে।
খবৰ পোৱাৰ পাছত গড়চুক থানাৰ আৰক্ষী দলটি ঘটনাস্থলত উপস্থিত হয় আৰু অচিনাক্ত ব্যক্তিজনক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় (GMCH)লৈ প্ৰেৰণ কৰে।
দুৰ্ভাগ্যবশতঃ, চিকিৎসকে জানিবলৈ দিয়াৰ মতে, চিকিৎসাৰ প্ৰাথমিক পৰ্যায়তেই — ৰবিবাৰ, ১৫ জুন — ব্যক্তিজন মৃত্যুবৰণ কৰে। বৰ্তমান পৰ্যন্ত মৃত ব্যক্তিজনৰ পৰিচয় উদ্ধাৰ হোৱা নাই।
সমগ্ৰ ঘটনাৰ তদন্ত গড়চুক আৰক্ষী থানাৰ তদন্তকাৰী বিষয়া ফিৰোজ আলীৰ অধীনস্থ দলটোৱে কৰি আছে।
যদি কোনো সদাসয় ব্যক্তিয়ে মৃত ব্যক্তিজনৰ ফটো চাবলৈ গিয়েই চিনিব পাৰে বুলি অনুমান কৰে, তেন্তে তেওঁলোকক অনুৰোধ জনোৱা হৈছে— অবিলম্বে গড়চুক আৰক্ষী থানাৰ তদন্তকাৰী বিষয়া ফিৰোজ আলী বা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিক্ৰমজিত বসুমতাৰীৰ সৈতে যোগাযোগ কৰিবলৈ।
অচিনাক্ত ব্যক্তিজনৰ পৰিয়াল বা পৰিচিত সকললৈ এই খবৰ এটি সহায় হ’ব পাৰে বুলি আশা প্ৰকাশ কৰা হৈছে।
