বকো, ১৯ জুনঃ BOKO । বকো জিলাৰ শিংৰাত সংঘটিত হৈছে এটা শোকাবহ ঘটনা। শিংৰানৈ নদীত বানপানীৰ সোঁতত উটি গৈ সন্ধানহীন হোৱা **মজেন্দ্ৰ কাকতি (৬২)**ৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। তেওঁ শিংৰা গাঁৱৰ নিবাসী বুলি জানিব পৰা গৈছে।
বুধবাৰে দিনৰ ভাগত মজেন্দ্ৰ কাকতি খেতিপথাৰৰ পৰা ঘৰলৈ ঘূৰি আহি থকা সময়তে নদীৰ বাঢ়নি পানীৰ সোঁতে উটুৱাই লৈ যায়। লোকজন সন্ধানহীন হৈ পৰাৰ পাছত স্থানীয় ৰাইজৰ সহায়ত SDRF আৰু বকো আৰক্ষীয়ে উদ্ধাৰ অভিযান আৰম্ভ কৰে।
যদিও নিশা নামি আহিলত অভিযান সাময়িকভাৱে স্থগিত ৰখা হয়, কিন্তু কিছু সময়ৰ পাছতে ঘটনাস্থলীৰ কাষৰ পৰা মৃতদেহটো ওপঙি উঠে।
বকো আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি আনুষ্ঠানিকতা সম্পূৰ্ণ কৰি মৰোনত্তৰ পৰীক্ষাৰ বাবে GMCHলৈ প্ৰেৰণ কৰে।
শিংৰা গাঁও আৰু চুবুৰীয়া অঞ্চলত এই ঘটনা শোকৰ ছাঁ পেলাইছে। স্থানীয় ৰাইজে গভীৰ দুঃখ প্ৰকাশ কৰিছে আৰু পৰিয়ালটোৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছে।
