গুৱাহাটী: Nandini Kashyap । চাঞ্চল্যকৰ পথ দুৰ্ঘটনা কাণ্ডত গ্ৰেপ্তাৰ হোৱা অভিনেত্ৰী নন্দিনী কাশ্যপক ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে।

শুকুৰবাৰে (১ আগষ্ট) নন্দিনীক কঠোৰ নিৰাপত্তাৰ মাজত মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হয়। আদালতে যুক্তি শুনানিৰ পিছত নন্দিনীক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।

উল্লেখযোগ্য যে, কেইদিনমান পূৰ্বে গুৱাহাটী মহানগৰত সংঘটিত হোৱা এটি পথ দুৰ্ঘটনাত এজন যুৱকৰ মৃত্যু হৈছিল, য’ত অভিযুক্ত হিচাপে অভিনেত্ৰী নন্দিনী কাশ্যপৰ নাম ওলাই আহে। আৰক্ষীয়ে ঘটনাৰ তদন্ত চলাই থকা অৱস্থাতে তেওঁৰ গ্ৰেপ্তাৰ কৰাৰ লগতে আদালতৰ অনুমতি লৈ তেওঁক জেল হাজোত প্রেৰণ কৰে।

এই কাণ্ডই এতিয়া অসমত জনসাধাৰণৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া জন্মাইছে। তদন্ত চলি থকাৰ সময়ছোৱাত নন্দিনীক কয়দীৰূপে জেলত ৰাখি আইনী প্ৰক্ৰিয়া অনুসৰি আগবঢ়াব বুলি আৰক্ষীয়ে জনায়।

