অখিল গগৈয়ে সকলোতে প্ৰাৰ্থী দিম বুলি ভাবুকি দিছে । Akil Gogoi

Oplus_16777216

গুৱাহাটী, ২৮ জুলাই: Akil Gogoi । সদ্য দলীয় কাৰ্যসূচী সন্দৰ্ভত মন্তব্য দিয়া বিৰোধী দলপতি তথা কংগ্ৰেছ নেতা দেবব্ৰত শইকীয়াই কয়, ‘‘কংগ্ৰেছে দলৰ পুৰণা ঘাটি আছে, সেইবোৰ পুনৰ সক্ৰিয় কৰাৰ প্ৰয়োজন আছে। বহু পুৰণি কংগ্ৰেছীৰ সৈতে সংগতি নথকাৰ বাবে তেওঁলোকে আক্ষেপ প্ৰকাশ কৰিছে। সেয়েহে দলটো শক্তিশালী কৰিবলৈ সকলোকে একেলগ কৰি আগবঢ়াৰ আহ্বান জনাইছিলো।’’

তেওঁৰ এই মন্তব্যক লৈ কিছুমানে ভুল ব্যাখ্যা দিছে বুলি মন্তব্য কৰি শইকীয়াই কয়, ‘‘কোনো দলেই নিজকে ডাঙৰ বুলি অহংকাৰ কৰা উচিত নহয়। আমি আমাৰ সাংগঠনিক ভিত মজবুত কৰাৰ প্ৰচেষ্টা এটাক যদি কিবা চূড়ান্ত সিদ্ধান্ত বুলি ধৰা হয়, তেন্তে সেইটো ভুল। এতিয়ালৈকে কোনো প্ৰাৰ্থিত্বৰ সিদ্ধান্ত লোৱা হোৱা নাই।’’

গৌৰৱ গগৈয়ে ছেপ্টেম্বৰৰ পিছত প্ৰাৰ্থিত্ব সম্পৰ্কে আলোচনা হ’ব বুলি উল্লেখ কৰিছে বুলি শইকীয়াই জানিবলৈ দিয়ে। তেওঁ লগতে কয়, ‘‘মোৰ সমষ্টিত যদি অন্য কোনো দলে সংগঠন শক্তিশালী কৰি তোলে, তেন্তে মই নিজে প্ৰাৰ্থিত্ব এৰি দিবলৈ সাজু।’’

ইপিনে, ৰাজনৈতিক গতিৱিধিৰ মাজতে ৰাজ্যৰ কৃষক নেতা তথা এমএলএ অখিল গগৈয়ে সকলো সমষ্টিত প্ৰাৰ্থী দিব বুলি ভাবুকি দিয়াৰ খবৰ ৰাজনৈতিক মহলত আলোচনা চলাইছে। তেওঁলোকৰ এই ধৰণৰ মনোভাৱক লৈ ইতিমধ্যে কংগ্ৰেছ দলত এক প্ৰতিক্ৰিয়া সৃষ্টি হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top