Crime News| গহপুৰৰ হেলেম থানাৰ অন্তৰ্গত বুৰৈ ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথত তালাচিৰ সময়ত আজি পুৱা এখন বাহনৰ পৰা বৃহৎ পৰিমাণৰ নগদ ধন উদ্ধাৰ কৰে ।

উল্লেখ যে , অৰুণাচলৰ ইটানগৰৰ পৰা গুৱাহাটী লৈ বুলি গৈ থকা AR01k 8909 নম্বৰৰ ৰেনল ডাষ্টাৰ গাড়ী খন হেলেম আৰক্ষীয়ে তালাচি চলোৱাত ৬৭ লাখ ৬৯ হাজাৰ এশটকা উদ্ধাৰ কৰাৰ লগতে ৰাজস্হানৰ বাসুদেৱ পাৰিক আৰু কমল কুমাৰ কৰায়ত্ব কৰে । বৈধ নথপত্ৰ দাখিল কৰিব নোৱাৰা বাবে আৰক্ষীয়ে ধন খিনি জব্দ কৰাৰ লগতে বাসুদেৱ আৰু কমলক অটক কৰি আয়কৰ বিভাগক চমজায় দিছে । কিহৰ বাবে এনেদৰে নগদ ধন সৰবৰাহ কৰিছিল ইয়াকে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ।
