“কামাখ্যাৰ মাটি–ৰে’লৱেৰ মাটি মিঞাই দখল কৰা নাই”- হাফিজ ৰফিকুল ইছলাম । AIUDF

শিলাদিত্য বাংলাদেশী, মুখ্যমন্ত্ৰীৰ বাংলাদেশী চিনাক্তকৰণ মিছা — AIUDF বিধায়ক হাফিজ ৰফিকুল ইছলামৰ গুৰুত্বপূৰ্ণ মন্তব্য

। AIUDF বিধায়ক হাফিজ ৰফিকুল ইছলামৰ মন্তব্যে ৰাজ্যিক ৰাজনীতিত নতুন বিতৰ্কৰ সৃষ্টি কৰিছে। তেওঁ ঘোষণা কৰে যে, “কামাখ্যাৰ মাটি–ৰে’লৱেৰ মাটি মিঞাই দখল কৰা নাই, শিলাদিত্যৰ আঙহী-বঙহী মুখ্যমন্ত্ৰীৰ ভোটাৰে দখল কৰি ৰাখিছে।”তেওঁ বিজেপি বিধায়ক শিলাদিত্য দেৱক উদ্দেশ্য কৰি কটাক্ষ কৰি কয় — “শিলাদিত্য প্ৰকৃত বাংলাদেশী। মুখ্যমন্ত্ৰীয়ে যিসকলক বাংলাদেশী বুলি কৈছে, তাত এজনো বাংলাদেশী নাই।”AIUDF বিধায়কৰ এই মন্তব্যৰ পাছত শাসকদলৰ পৰা প্ৰতিক্ৰিয়া আহিব বুলি আশা কৰা হৈছে। ইতিমধ্যে ৰাজ্যজুৰি এই মন্তব্যৰ প্ৰতি বিভিন্ন প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top