মাজনিশা গুৱাহাটীৰ ৰাজপথত অভিনেত্ৰীৰ বাহনে যুৱকক মহটিয়াই নিলে!Nandini Kashyap
নন্দিনী কাশ্যপৰ বিৰুদ্ধে দুৰ্ঘটনা আৰু পলায়নৰ অভিযোগ
গুৱাহাটী, ২৭ জুলাই:
মাজনিশাৰ শোকাবহ নিশা—গুৱাহাটী মহানগৰীত পুনৰ এক শিহৰণকাৰী ঘটনা। জনপ্ৰিয় অসমীয়া অভিনেত্ৰী নন্দিনী কাশ্যপৰ বাহনে এজন যুৱকক মহটিয়াই নিয়াৰ অভিযোগ উঠিছে। নিশা প্ৰায় ১১ বজাৰ পাছত গুৱাহাটীৰ ব্যস্ত ৰাস্তাত এই দুৰ্ঘটনাটো সংঘটিত হয়।

পৰিৱেশত পোৱা তথ্য অনুসৰি, অভিনেত্ৰীগৰাকীৰ বাহনখনে ছামিউল হক নামৰ এজন যুৱকক খুন্দিয়াই দিয়ে। খুন্দাত ছামিউলৰ মূৰত আঘাত পোৱাৰ লগতে সোঁ ভৰিখন ভাঙি যায়। ততাতৈয়াকৈ স্থানীয় লোকে আহত যুৱকজনক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় (GMCH)লৈ প্ৰেৰণ কৰে। চিকিৎসকে ছামিউলৰ অৱস্থা গুৰুতৰ বুলি জনাইছে।
ঘটনাৰ পাছত নন্দিনী কাশ্যপে ঘটনাস্থলী এৰি পলায়ন কৰাৰো অভিযোগ উত্থাপন হৈছে। যদিও কিছু যুৱকে অভিনেত্ৰীৰ বাহনখন খেদি খেদি ধৰি লয় আৰু তেওঁক ঘটনাটোৰ বিষয়ে জবাবদিহি কৰিবলৈ দাবী জনায়। সেই সময়ৰ ভিডিঅ’ দৃশ্যসমূহ বৰ্তমান সামাজিক মাধ্যমত ব্যাপকভাৱে ভাইৰেল হৈ পৰিছে।
নন্দিনী কাশ্যপ, যি শেহতীয়াকৈ “ৰুদ্ৰ” নামৰ চিনেমাখনত অভিনয় কৰি জনপ্ৰিয়তা লাভ কৰিছিল, তেওঁ ৰাজ্যৰ কেইবাখনো আগশাৰীৰ ভ্ৰাম্যমাণ নাট্যদলত অভিনয় কৰি আহিছে। তথাপিও এনে এক দুৰ্ঘটনাৰ লগত তেওঁৰ

