গুৱাহাটীত সদৌ অসম সাংবাদিক মঞ্চৰ,উদ্যোগত বঁটা বিতৰণী অনুষ্ঠান | Guwahati

Guwahati| গুৱাহাটী মহানগৰীৰ হাতীগাৱঁ স্থিত ৰেডিয়েন্ট যুৱক সংঘৰ সভাকক্ষত সদৌ অসম সাংবাদিক মঞ্চ,কেন্দ্ৰীয় সমিতিৰ উদ্যোগত সতীৰ্থ সন্মিলন, বঁটা বিতৰণী অনুষ্ঠান আৰু নৱম কাৰ্য্য নিৰ্বাহক সভা অনুষ্ঠিত হয়।

কেন্দ্ৰীয় সমিতিৰ সভাপতি ছেলিম সেখৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত তিনিওটা কাৰ্য্যসূচীত অতিথি হিচাপে উপস্থিত থাকে অসমৰ জনপ্ৰিয় সাংবাদিক সকল, মঞ্চৰ উপদেষ্টা তথা সাংবাদিক নেত্ৰজিৎ বৰা, মঞ্চৰ উপদেষ্টা,জেষ্ঠ্য সাংবাদিক কিৰণ তালুকদাৰ, উপদেষ্টা,সাংবাদিক নৱজৌতি কলিতা, উপদেষ্টা,মোজাম্মেল হক, বিশিষ্ট অতিথি জেষ্ঠ্য সাংবাদিক তথা দিছপুৰ প্ৰেছ ক্লাৱৰ উপসভাপতি মিণ্টু হাজৰিকা,বিশিষ্ট অতিথি নিয়মীয়া বাৰ্তা কাকতত কৰ্মৰত সাংবাদিক ৰিণ্টু কুৰ্মীৰ উপস্থিতিত প্ৰতিদিন টাইমৰ Anchor তথা ডেস্ক এডিটৰ সাংবাদিক সমিৰণ বৰঠাকুৰ আৰু NKTV’ৰ Anchor সাংবাদিক নাজিৰ আহমেদক যুৱ সাংবাদিক বঁটা আগবঢ়োৱাৰ লগতে ৰাজ্যৰ বিভিন্ন স্থানৰ মুঠ ১৪ গৰাকী বিশিষ্ট ব্যক্তিক বঁটা আৰু সম্বধনা পত্ৰ আগবঢ়োৱা হয় । বঁটা বিতৰণী অনুষ্ঠানৰ পাছতে কেন্দ্ৰীয় সমিতিৰ সভাপতি ছেলিম সেখ, কেন্দ্ৰৰ সমিতিৰ সাধাৰণ সম্পাদক মহেশ কুমাৰ দাস,কেন্দ্ৰীয় সমিতিৰ প্ৰশাসনিক সাধাৰণ সম্পাদক ওমৰ ফাৰুৰ সেখ,ধুবুৰী জিলা সমিতি সভাপতি সঞ্জীৱ ৰয়কে ধৰি কেন্দ্ৰীয় সমিতি বিষয়ববীয়া আৰু বিভিন্ন জিলাৰ পৰা অহা প্ৰতিনিধি সকলে ।

ইপিনে উক্ত কাৰ্য নিৰ্বাহক সভাত Dy365’ৰ গৌৰীপুৰৰ সাংবাদিক সুৰোজ কুমাৰ মাহাতোক কেন্দ্ৰীয় সমিতিৰ মুখ্য সাংগঠনিক সম্পাদকৰ দায়িত্ব অৰ্পণ কৰা হয় ।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top