বঙাইগাঁও, মানিকপুৰ | LOVE ।
বঙাইগাঁৱ জিলাৰ মানিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ৫ নং বাঁশবাৰীত সংঘটিত হৈছে এটি হৃদয় বিদাৰক ঘটনা। গাঁওখনৰ ১ নং বাঁশবাৰীৰ বাসিন্দা আৰু অসম আৰক্ষীৰ জোৱান জামিৰুল হক সৰকাৰৰ পুত্ৰ নুৰ উদ্দিন সৰকাৰে নিশা বিহ পান কৰি আত্মহত্যা কৰে।

জানিব পৰা মতে, নুৰ উদ্দিনৰ বহু বছৰ ধৰি প্ৰেমৰ সম্পৰ্ক আছিল ৫ নং বাঁশবাৰীৰ নজৰুল ইছলামৰ কন্যা নুৰী নাজমিনা খানমৰ সৈতে। কিন্তু নুৰ উদ্দিনৰ পিতৃ জামিৰুল হকে এই সম্পৰ্ক মেনে নোৱাৰাৰ ফলতেই নুৰ উদ্দিনে এই চৰম আৰু দুঃখজনক সিদ্ধান্ত লয় বুলি স্থানীয় সূত্ৰে জানিব পৰা গৈছে।
উল্লেখযোগ্য যে, দুয়োজনৰেই পিতৃ অসম আৰক্ষীৰ জোৱান। এতিয়া সমাজত প্ৰশ্ন উঠিছে — আৰক্ষীয়ে নিজৰ দায়িত্ব নে নিজৰ লোকেৰে গঢ়ি তোলা যন্ত্ৰণা চুপেৰে এৰি দিব?
আইন সকলোৰে বাবে সমান বুলি যাক কোৱা হয়, সেই নীতি জামিৰুল হক সৰকাৰৰ দৰে এজন আৰক্ষী জোৱানৰ ক্ষেত্ৰতো প্ৰযোজ্য হব নে?
দোষীয়ে “আৰক্ষীৰ পিতৃ” হোৱাৰ সুবাদত আইনৰ হাত এৰি যাব নেকি? — এইবোৰেই এতিয়া স্থানীয় ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
ঘটনাৰ সন্দৰ্ভত মানিকপুৰ আৰক্ষী থানাই ইতিমধ্যে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে। পিতৃৰ অপমত দৃষ্টিভংগী আৰু মানসিক চাপে পৰি এগৰাকী যুৱকে নিজৰ জীৱন শেষ কৰি পেলোৱা এই ঘটনাই চিন্তা-উদ্বিগ্নতা আৰু ক্ষোভৰ সৃষ্টি কৰিছে।
এতিয়া সকলোৰে চকু থকা বঙাইগাঁৱ আৰক্ষীৰ ওপৰত — কি পদক্ষেপ লয় উৰ্দ্ধতম আৰক্ষী কৰ্তৃপক্ষই, ন্যায় পায় নে নাপায় ভূক্তভোগী পৰিয়াল — সেয়াই সময়তেই স্পষ্ট হ’ব।
