তিনি নিশাৰ অন্তত এছআইটিৰ সন্ধানত ঘনকান্ত গগৈৰ পত্নী জোনমণি
জোনমণি গগৈক জেৰাৰ বাবে সাজু এছআইটি
ঘটনাৰ নিশাই গুৱাহাটী এৰি পলায়ন কৰাৰ অভিযোগ
ভাড়াঘৰত থকা প্ৰেছ ষ্টীকাৰযুক্ত বাহনৰ চাবিও লৈ গৈছিল জোনমণিয়ে
গুৱাহাটীৰ জি এছ ৰোডস্থিত হোটেল বিলাস ইনত সংঘটিত পাঁচজন লোকৰ হত্যাকাণ্ডৰ তদন্তত নতুন মোৰ। হত্যাকাণ্ডৰ মূল অভিযুক্ত ঘনকান্ত গগৈৰ পত্নী জোনমণি গগৈৰ সন্ধান লাভ কৰিবলৈ সক্ষম হৈছে বিশেষ তদন্তকাৰী দল (এছআইটি)। ঘটনা সংঘটিত হোৱাৰ তিনিদিনৰ অন্তত এছআইটিয়ে জোনমণিৰ সন্ধান লাভ কৰিছে।

উল্লেখ্য যে, যোৱা ২৬ অক্টোবৰৰ নিশা হোটেল বিলাস ইনত পাঁচজনকৈ লোকক হত্যা কৰাৰ পিছতে ঘনকান্ত গগৈৰ পত্নী জোনমণি গগৈয়ে মহানগৰীৰ সাউকুছিস্থিত ভাড়াঘৰ এৰি পলায়ন কৰাৰ অভিযোগ উত্থাপন হৈছে। আনকি ভাড়াঘৰৰ চৌহদত ৰখাই থোৱা প্ৰেছ ষ্টীকাৰযুক্ত হেৰিয়াৰ বাহনখনৰ চাবিও লগত লৈ যোৱাৰ তথ্য পোহৰলৈ আহিছে।

ইতিমধ্যে ডিব্ৰুগড় আৰক্ষীয়ে জোনমণি গগৈৰ সন্ধান লাভ কৰি এছআইটিক এই বিষয়ে অৱগত কৰিছে। সেই অনুসৰি অহা এদিন বা দুদিনৰ ভিতৰতে এছআইটিয়ে জোনমণি গগৈক জেৰাৰ বাবে তলব কৰাৰ সম্ভাৱনা আছে।
উল্লেখ্য যে, শুকুৰবাৰে ঘনকান্ত গগৈক লগত লৈ আৰক্ষীয়ে সাউকুছিৰ ভাড়াঘৰত অভিযান চলাইছিল। সেই সময়ত চৌহদত ৰখাই থোৱা হেৰিয়াৰ বাহনখনৰ দুৱাৰ খুলিবলৈ সক্ষম হোৱা নাছিল আৰক্ষী। বাহনখনৰ চাবি নথকাৰ বাবেই আৰক্ষীয়ে দুৱাৰ খুলিব পৰা নাছিল। অৱশ্যে ক্ৰেনৰ সহায়ত বাহনখন জব্দ কৰি থানালৈ নিয়াৰ পৰিকল্পনা কৰিছে আৰক্ষীয়ে।
আনহাতে, জোনমণি গগৈক জেৰা কৰিলে ঘনকান্ত গগৈৰ পিষ্টলৰ অনুজ্ঞাপত্ৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ তথ্য লাভ কৰাৰ লগতে হত্যাকাণ্ড সংঘটিত হোৱাৰ পূৰ্বে প্ৰস্তুত কৰা পৰিকল্পনাৰ বহু অজ্ঞাত তথ্য পোহৰলৈ আহিব পাৰে বুলি তদন্তকাৰী আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে। এতিয়া জোনমণি গগৈৰ জেৰাৰ পিছত হত্যাকাণ্ডৰ তদন্তই কি নতুন দিশ লাভ কৰে, সেয়া হ’ব লক্ষণীয়।
