দুবছৰ পূৰ্বে যোৰহাট আৰক্ষীৰ গাফিলতিৰ অভিযোগ! ঘনকান্তৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ’লে ৰক্ষা পৰিলহেঁতেন নেকি ৫টা প্ৰাণ?

গুৱাহাটীৰ হোটেল বিলাস ইনত সংঘটিত পাঁচজন লোকৰ মৃত্যুৰ ঘটনাই সমগ্ৰ ৰাজ্যতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰাৰ সময়তে অভিযুক্ত ঘনকান্ত গগৈৰ বিৰুদ্ধে দুবছৰ পূৰ্বে উত্থাপিত এক গুৰুতৰ অভিযোগ পোহৰলৈ আহিছে। ২০২৪ চনত যোৰহাটৰ পুলিবৰ থানাৰ অন্তৰ্গত অঞ্চলত সংঘটিত এটা ঘটনাক কেন্দ্ৰ কৰি তেতিয়াৰ আৰক্ষীৰ ভূমিকাক লৈ এতিয়া উত্থাপন হৈছে একাধিক প্ৰশ্ন। সেই সময়ত আৰক্ষীয়ে যথাযথ ব্যৱস্থা গ্ৰহণ কৰিলেহেঁতেন নেকি ৰক্ষা পৰিলহেঁতেন পাঁচগৰাকীকৈ লোকৰ প্ৰাণ? এই প্ৰশ্নই এতিয়া বিশেষ চৰ্চা লাভ কৰিছে।সোমবাৰে গুৱাহাটীৰ হোটেল বিলাস ইনত সংঘটিত ভয়ংকৰ গুলীচালনাৰ ঘটনাত পাঁচগৰাকী লোকৰ মৃত্যু হৈছিল। এই হত্যাকাণ্ডৰ মূল অভিযুক্ত ঘনকান্ত গগৈক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পাছতে তেওঁৰ পূৰ্বৰ কাৰ্যকলাপক লৈ বিভিন্ন তথ্য আৰু অভিযোগ পোহৰলৈ আহিবলৈ ধৰিছে। বিশেষকৈ দুবছৰ পূৰ্বে যোৰহাটৰ পুলিবৰত সংঘটিত ঘটনাটোৱে এতিয়া নতুনকৈ চৰ্চা লাভ কৰিছে।

২০২৪ চনৰ ১২ জুনত কি ঘটিছিল পুলিবৰত?
অভিযোগ অনুসৰি, ২০২৪ চনৰ ১২ জুনৰ নিশা যোৰহাটৰ পুলিবৰত ঘনকান্ত গগৈ আৰু তেওঁৰ তিনিজন বন্ধুৱে পিষ্টল দেখুৱাই স্থানীয় একাংশ লোকক মাৰপিট কৰাৰ লগতে হত্যাৰ ভাবুকি প্ৰদান কৰিছিল। এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত উত্তেজনাৰ সৃষ্টি হৈছিল বুলি জানিব পৰা গৈছে।

অভিযোগ অনুসৰি, ঘটনাৰ পাছতে ঘনকান্তৰ সৈতে থকা আন তিনিজন লোক পলায়ন কৰে। আনহাতে, স্থানীয় ৰাইজে ঘনকান্তক কৰায়ত্ত কৰি আৰক্ষীক গতাই দিয়ে। ঘটনাটোৰ সন্দৰ্ভত স্থানীয় একাংশ লোকে পুলিবৰ থানাত এজাহাৰো দাখিল কৰিছিল বুলি জানিব পৰা গৈছে।
কিন্তু অভিযোগ অনুসৰি, সেই সময়ত গোচৰ ৰুজু কৰি যথাযথ তদন্ত আগবঢ়োৱাৰ পৰিৱৰ্তে ঘনকান্তক থানাৰ পৰা যাবলৈ দিয়া হৈছিল। কেৱল সেয়াই নহয়, তেওঁৰ হাতত থকা বুলি অভিযোগ উত্থাপিত পিষ্টলটোও আৰক্ষীয়ে জব্দ নকৰাৰ অভিযোগ উঠিছে।

তেতিয়াৰ আৰক্ষী বিষয়াৰ ভূমিকাক লৈ প্ৰশ্ন
অভিযোগ অনুসৰি, সেই সময়ত পুলিবৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হিচাপে দায়িত্বত আছিল কিৰণ গগৈ। আনহাতে, ঘটনাটোৰ প্ৰাথমিক তদন্তৰ দায়িত্বত জগদীশ দাস আছিল বুলি জানিব পৰা গৈছে। বৰ্তমান কিৰণ গগৈ লখিমপুৰৰ বিহপুৰীয়া থানাত কৰ্মৰত আৰু জগদীশ দাস যোৰহাটতে কৰ্মৰত বুলি জানিব পৰা গৈছে।

এই পৰিপ্ৰেক্ষিতত এতিয়া কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন হৈছে। পুলিবৰ থানাত এজাহাৰ দাখিল কৰাৰ পাছতো কিয় গোচৰ ৰুজু কৰি যথাযথ তদন্ত আগবঢ়োৱা নহ’ল বুলি অভিযোগ উঠিছে? অভিযুক্তৰ হাতত থকা বুলি কোৱা পিষ্টলটো কিয় জব্দ কৰা নহ’ল? অস্ত্ৰটোৰ উৎস, অনুজ্ঞাপত্ৰৰ বৈধতা আৰু ইয়াৰ ব্যৱহাৰৰ আইনী চৰ্তসমূহ পৰীক্ষা কৰা হৈছিলনে?
অৱশ্যে, এই অভিযোগসমূহৰ সত্যতা আৰু সেই সময়ত আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰিছিল, সেয়া সংশ্লিষ্ট নথি-পত্ৰ আৰু তদন্তৰ জৰিয়তেহে নিশ্চিত হ’ব।
**নাগালেণ্ডৰ পৰা অস্ত্ৰৰ অনুজ্ঞাপত্ৰ লোৱাৰ তথ্য

