Ramanuj Goswami Death: আৰক্ষীৰ গাড়ীৰ পৰা জঁপিয়াই পলায়নৰ চেষ্টা, গুলীত মৃত্যু পত্নীহত্যাৰ অভিযুক্ত ৰামানুজ গোস্বামীৰ
গুৱাহাটীৰ হাতীগাঁৱত নিজ পত্নীক হত্যাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা ৰামানুজ গোস্বামীৰ মৃত্যু। স্বাস্থ্য পৰীক্ষাৰ বাবে GMCHলৈ নি থকা অৱস্থাত আৰক্ষীৰ গাড়ীৰ পৰা জঁপিয়াই পলায়নৰ চেষ্টা কৰাৰ পাছত আৰক্ষীৰ গুলীত গুৰুতৰভাৱে আহত হয় ৰামানুজ। পৰৱৰ্তী সময়ত তেওঁৰ মৃত্যু ঘটে।

উল্লেখ্য, হাতীগাঁৱত নিজ পত্নী ৰিয়াক ডিঙি কাটি হত্যা কৰাৰ লগতে মৃতদেহৰ মূৰ ফ্ৰীজত ৰখাৰ অভিযোগ উঠিছিল ৰামানুজ গোস্বামীৰ বিৰুদ্ধে। ঘটনাৰ দুদিন পাছত নিজেই আৰক্ষী থানাত উপস্থিত হৈ আত্মসমৰ্পণ কৰিছিল তেওঁ। ইয়াৰ পিছতে হাতীগাঁও আৰক্ষীয়ে ৰামানুজক গ্ৰেপ্তাৰ কৰি জিম্মাত লৈছিল।
আৰক্ষীৰ তথ্য অনুসৰি, নিশা প্ৰায় ২ বজাত স্বাস্থ্য পৰীক্ষাৰ বাবে ৰামানুজক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ লৈ যোৱা হৈছিল। নৰকাসুৰ পাহাৰৰ সমীপত আৰক্ষীৰ গাড়ীৰ পৰা জঁপিয়াই পলায়নৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন হৈছে। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে গুলীচালনা কৰে।
গুলীচালনাত গুৰুতৰভাৱে আহত হোৱা ৰামানুজ গোস্বামীৰ মৃত্যু ঘটে।
ইফালে, আজি আছিল ৰামানুজ গোস্বামীৰ পত্নী ৰিয়াৰ আদ্যশ্ৰাদ্ধ। গৌৰীপুৰস্থিত ৰামানুজৰ বাসগৃহত চলি আছিল আদ্যশ্ৰাদ্ধৰ নীতি-নিয়ম। কিন্তু ৰামানুজৰ মৃত্যুৰ খবৰ লাভ কৰাৰ পাছতে আধাতে সামৰিবলগীয়া হয় আদ্যশ্ৰাদ্ধৰ কাৰ্যসূচী।
একেটা দিনতে পত্নীৰ আদ্যশ্ৰাদ্ধ আৰু স্বামীৰ মৃত্যুৰ ।
