
কাছাৰৰ কাটিগড়াৰ কুৰকুৰি জিপিৰ পঞ্চায়ত প্ৰতিনিধিৰ আজব কাণ্ড। বিদ্যুৎ সংযোগ দিয়াৰ নামত নিৰীহ মহিলাৰ লগতে কৰিলে প্ৰতাৰণা।
কাছাৰৰ কাটিগড়াৰ পঞ্চায়ত প্ৰতিনিধি মুছতাক আহমেদ এতিয়া নামি পৰিছে দালালিত।

কাছাৰৰ কাটিগড়াৰ কুৰকুৰি জিপি সদস্যৰ স্বামীৰ পঞ্চায়তৰ পৰিচয় দি বিদ্যুৎ সংযোগৰ নামত উৎকোচ লোৱাৰ গুৰুতৰ অভিযোগ।
কাছাৰৰ কাটিগড়াৰ কুৰকুৰি জিপিৰ পঞ্চায়ত প্ৰতিনিধি মুছতাকে কেৰেপ নকৰে মুখ্যমন্ত্ৰীৰ নিৰ্দেশনা।
যি সময়ত ৰাজ্যৰ ভিন্ন প্ৰান্তত চলি আছে দালালৰ বিৰুদ্ধে কঠোৰ অভিযান সি সময়তে কুৰকুৰি জিপিৰ পঞ্চায়ত প্ৰতিনিধি মুছতাকে অহৰহ চলাই আছে দালালি।
ৰাজ্য চৰকাৰৰ কঠোৰ নিৰ্দেশ আছিল যে কোনো পঞ্চায়ত প্ৰতিনিধিৰ স্বামীয়ে তেওঁৰ পত্নীৰ নামত কৰিব নোৱাৰিব প্ৰতিনিধিত্ব,কিন্তু মুছতাকৰ ষ্টাইল বেলেগ মুছতাকে তেওঁৰ পত্নীৰ নামত নিৰীহ মহিলাৰ লগতে কৰিলে প্ৰতাৰণা।
অবশেষত কালাইন থানাত ৰুজু হ’ল প্ৰতাৰণাৰ অভিযোগত মুছতাকৰ বিৰুদ্ধত এখন এফ আই আৰ**
ৰাজ্যজুৰি দালালৰ বিৰুদ্ধে তীব্ৰ অভিযান চলি থকাৰ সময়তে কাছাৰ জিলাৰ কালাইনত এই চাঞ্চল্যকৰ ঘটনাই সকলোৰ চকু কপালত তুলিবলৈ বাধ্য কৰাইছে।

গাঁও পঞ্চায়ত সদস্যৰ স্বামী মুছতাকে নিজকে পঞ্চায়ত বুলি পৰিচয় দি বিদ্যুৎ সংযোগ দিয়াৰ নামত টকা আদায় কৰি প্ৰতাৰণা কৰি আহিছে বহুদিনৰ পৰা।
জানিব পৰা মতে অভিযুক্ত মাছতাক আহমেদে আৰু আছৰাফুল ইছলাম দুয়ো ভাংগাৰপাৰৰ বাসিন্দা দুই মাহমান আগতে মহিলা জনৰ ঘৰত চৰকাৰী বিদ্যুৎ সংযোগ দিয়াৰ কথা কৈ ৫,০০০ টাকা লৈছিল লম্পট মুছতাক আহমেদে।
টকাৰ বিনিময়ত বিদ্যুৎ সংযোগ দিয়াৰ নামত মহিলা জনক দিছিল এটা মিটাৰ বক্স, যাৰ নম্বৰ ৯৪০৪২৪৮।
নিৰুপায় হৈ ৰেজিয়া বেগমে ৩ ছেপ্টেম্বৰত মাছতাক আহমেদৰ ঘৰলৈ গৈ সংযোগৰ বিষয়ে হোৱাতেই মুছতাক আহমেদ আৰু তেওঁৰ পত্নীয়ে অশ্লীল ভাষাৰে গালি-গালাজ কৰি ঘৰৰ পৰা উলিয়াই দিয়ে। ইয়াৰ পৰাই তেওঁ বুজিবলৈ সক্ষম হয় যে তেওঁক প্ৰতাৰণা কৰা হৈছে।
উল্লেখযোগ্য যে ৰাজ্য চৰকাৰে বৰ্তমান গোটেই অসমজুৰি দালালৰ বিৰুদ্ধে কঠোৰ অভিযান চলাই আছে। এনে এক সময়তে জিপি সদস্যৰ জোৱায়েকে পঞ্চায়তৰ পৰিচয় লৈ বিদ্যুৎ সংযোগৰ নামত টকা আদায় কৰাৰ এই ঘটনাই প্ৰশাসনৰ বাবে অধিক উদ্বেগৰ কাৰণ হৈ পৰিছে।
স্থানীয় লোকসকলৰ মাজত এই ঘটনাই ক্ষোভৰ সৃষ্টি কৰিছে আৰু তেওঁলোকে দোষীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱাৰ দাবী জনাইছে।
কালাইন আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে।
এতিয়া এয়া হ’ব লক্ষ্যণীয় যে প্ৰশাসনে কি পদক্ষেপ গ্ৰহণ কৰিব এই জন প্ৰতাৰক মুছতাক আৰু তেওঁৰ পত্নীৰ বিৰুদ্ধে।
