শিমলুগুৰিত শোকাৱহ ঘটনা। বানাক্ৰান্ত ৰাইজৰ কাষত দিনে-নিশাই থাকি সেৱা আগবঢ়াই অহা বীৰ লাচিত সেনা, শিমলুগুৰি আঞ্চলিক সমিতিৰ সভাপতি মানসজ্যোতি চেতিয়াৰ এক ৰহস্যজনক পথ দুৰ্ঘটনাত মৃত্যু হোৱা ঘটনাই অঞ্চলটোত গভীৰ শোকৰ ছাঁ পেলাইছে।

জানিব পৰা মতে, দেওবাৰে নিশা প্ৰায় ১০.৩০ বজাত সংঘটিত হৈছিল এই দুৰ্ঘটনা। বিহুবৰৰ এগৰাকী বৃদ্ধৰ খবৰ ল’বলৈ যোৱাৰ পথতে দুৰ্ঘটনাত পতিত হৈ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল মানসজ্যোতি চেতিয়া।
দুৰ্ঘটনাৰ পিছত তেওঁক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। অৱস্থা সংকটজনক হোৱাত চিকিৎসকে উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে। কিন্তু অৱশেষত চিকিৎসাধীন অৱস্থাত মৃত্যুক সাবটি লয় মানসজ্যোতি চেতিয়াই।

বানপানীৰ সময়ত বানাক্ৰান্ত ৰাইজক সহায় কৰাৰ লগতে বিভিন্ন সামাজিক কাম-কাজত সক্ৰিয়ভাৱে জড়িত হৈ অহা মানসজ্যোতি চেতিয়াৰ আকস্মিক মৃত্যুত অঞ্চলটোত শোকৰ বন্যা নামিছে।
ইফালে, অঞ্চলটোত ভূমি কেন্দ্ৰিক কেইবাটাও বিবাদত বিভিন্ন পক্ষৰ জড়িত থকাৰ কথাও পোহৰলৈ আহিছে। সেয়েহে মানসজ্যোতি চেতিয়াৰ দুৰ্ঘটনাক লৈও একাংশৰ মাজত বিভিন্ন প্ৰশ্ন উত্থাপন হৈছে। অৱশ্যে, এই ঘটনাটো দুৰ্ঘটনা নে ইয়াৰ আঁৰত আন কোনো কাৰণ আছে, সেয়া তদন্তৰ পিছতহে স্পষ্ট হ’ব।
ঘটনাটোৰ নিৰপেক্ষ তদন্তৰ দাবী জনাইছে স্থানীয় ৰাইজ তথা সংগঠনৰ একাংশই।
