প্ৰেমিকাক সন্তুষ্ট কৰিবলৈ নিজৰ ঘৰতে লুটপাত! ৫০-৬০ লাখ টকাৰ গহনা-নগদ ধন চুৰিৰ অভিযোগ যুৱকৰ বিৰুদ্ধে
যোৰহাটত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। প্ৰেমিকাক সন্তুষ্ট কৰিবলৈ নিজৰ ঘৰতে লুটপাত চলাই ৫০-৬০ লাখ টকাৰ সোণৰ গহনা আৰু নগদ ধন চুৰি কৰাৰ অভিযোগ উত্থাপন হৈছে এজন যুৱকৰ বিৰুদ্ধে।

অভিযোগ অনুসৰি, য়ছ ধনুকা ওৰফে য়ছ আগৰৱালা নামৰ যুৱকজনে নিজৰ ঘৰৰ পৰাই মূল্যৱান গহনা আৰু নগদ ধন লৈ পলায়ন কৰে। পৰৱৰ্তী সময়ত সেই ধনৰ কিছু অংশ প্ৰেমিকাক উপহাৰ দিয়াৰ অভিযোগ উঠিছে।

ঘটনাৰ সন্দৰ্ভত প্ৰকাশ পোৱা তথ্য অনুসৰি, যুৱকজনে প্ৰেমিকাক প্ৰায় ডেৰ লাখ টকা মূল্যৰ এটা আইফোন উপহাৰ দিছিল। ইয়াৰ উপৰি, অৰুণাচললৈ ফুৰিবলৈ যাওঁতে প্ৰেমিকাক ১ লাখ টকা দিয়া বুলিও অভিযোগত প্ৰকাশ পাইছে।

ইফালে, চুৰি কৰা সোণৰ গহনাসমূহৰ কিছু অংশ গোলাঘাটৰ প্ৰিয়াঞ্চি জুৱেলাৰ্ছত বিক্ৰী কৰা হৈছিল বুলি জানিব পৰা গৈছে।
ঘটনাৰ সৈতে আন কেইগৰাকীমান লোকৰ নামো সাঙোৰ খাই পৰিছে। য়ছ ধনুকাই চুৰিৰ কথা স্বীকাৰ কৰাৰ পিছতে ৰোহিত কুমাৰ নামৰ আন এজন যুৱকেও ঘটনাটোক লৈ নিজৰ বক্তব্য প্ৰকাশ কৰিছে। ৰোহিত কুমাৰে দাবী কৰা অনুসৰি, সোণখিনি বিক্ৰী কৰিবলৈ জীতেন্দৰ চুমানি নামৰ এগৰাকী পৰ্টেল সাংবাদিকৰ পৰামৰ্শৰ কথা তেওঁ উল্লেখ কৰিছে।

ঘটনা সন্দৰ্ভত ৰোহিত কুমাৰে নিউজ লাইভলৈ এটা ভিডিঅ’ প্ৰেৰণ কৰি নিজৰ বক্তব্য প্ৰকাশ কৰা বুলি জানিব পৰা গৈছে।
প্ৰেমিকাক সন্তুষ্ট কৰিবলৈ নিজৰ ঘৰতে এনেদৰে লাখ লাখ টকাৰ গহনা আৰু নগদ ধন চুৰি কৰাৰ অভিযোগে যোৰহাটত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। অৱশ্যে, ঘটনাটোৰ সৈতে জড়িত অভিযোগসমূহৰ সত্যতা তদন্তৰ পিছতহে স্পষ্ট হ’ব।
