কি পুৰুষ, কি যুৱকী-মহিলা… মুখ ঢাকি কোনেও তত পোৱা নাই। যোৰহাটৰ বিলাসী হোটেলত আৰক্ষীৰ অভিযান: ৭ যুৱতী আৰু ৮ যুৱক আটক। Jorhat News

কি পুৰুষ, কি যুৱকী-মহিলা… মুখ ঢাকি কোনেও তত পোৱা নাই। যোৰহাটৰ বিলাসী হোটেলত আৰক্ষীৰ অভিযান: ৭ যুৱতী আৰু ৮ যুৱক আটক। Jorhat News

Jorhat News । যোৰহাট চহৰৰ বাইপাছ অঞ্চলস্থিত এখন বিলাসী হোটেলত আৰক্ষীয়ে চলোৱা এক মাজনিশাৰ অভিযানত ৭ গৰাকী যুৱতী আৰু ৮ জন যুৱকক আটক কৰাৰ ঘটনাই সমগ্ৰ অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। যোৰহাটৰ বিলাসী হোটেল “অৰ্বিত” ত মাজনিশা অসংযত অৱস্থাত উদ্ধাৰ ৭ গৰাকী যুৱতী আৰু ৮ জন যুৱক , যোৰহাটৰ বিলাসী হোটেলৰ আঁৰত চে*ক্স ৰেকেটৰ ভয়ংকৰ কাৰবাৰ

সূত্ৰ অনুসৰি, গোপন তথ্যৰ ভিত্তিত আৰক্ষীয়ে হোটেলখনত অভিযান চলাই সন্দেহজনক পৰিস্থিতিত কেইবাজনো লোকক আটক কৰে। অভিযানকালত হোটেলখনৰ পৰা কিছু আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰাৰ দাবীও উত্থাপিত হৈছে। আটকাধীন লোকসকলক অধিক সোধা-পোছাৰ বাবে আৰক্ষীয়ে থানালৈ লৈ যায়।

প্ৰাথমিক তদন্তত আৰক্ষীৰ সন্দেহ, হোটেলখনক কেন্দ্ৰ কৰি অবৈধ দেহ ব্যৱসায় চলি আছিল। আৰক্ষীয়ে এই চক্ৰৰ সৈতে জড়িত আন ব্যক্তিসকলৰ সন্ধানত তদন্ত অব্যাহত ৰাখিছে। লগতে, বিভিন্ন জিলালৈ যুৱতী যোগান ধৰাৰ অভিযোগৰ সত্যতা পৰীক্ষা কৰা হৈছে।

উল্লেখ্য যে, পূৰ্বেও এই হোটেলখনক কেন্দ্ৰ কৰি অনুৰূপ অভিযোগ উত্থাপিত হৈছিল বুলি স্থানীয় সূত্ৰই জানিবলৈ দিয়ে। অৱশ্যে বৰ্তমানলৈকে আৰক্ষীয়ে আনুষ্ঠানিকভাৱে সকলো অভিযোগ নিশ্চিত কৰা নাই।

আৰক্ষীৰ মতে, তদন্ত সম্পূৰ্ণ হোৱাৰ পিছত ঘটনাটোৰ সম্পূৰ্ণ তথ্য প্ৰকাশ কৰা হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top