বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ বাতাবাৰী গাঁৱত সংঘটিত হোৱা এক চাঞ্চল্যকৰ ঘটনাই সমগ্ৰ অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ১৩ বছৰীয়া সংসাৰ, স্বামী আৰু ১২ বছৰীয়া সন্তানক এৰি পলায়ন কৰা এগৰাকী জনপ্ৰতিনিধিৰ বিৰুদ্ধে এতিয়া আত্মসহায়ক গোটৰ ধন আত্মসাত আৰু বেংকত চহী জালিয়াতিৰ দৰে গুৰুতৰ অভিযোগ উত্থাপিত হৈছে।

অভিযোগ অনুসৰি, কলবাৰী গাঁও পঞ্চায়তৰ সদস্যা পাৰুল দাসে প্ৰায় এমাহ পূৰ্বে স্বামীৰ বন্ধু সদানন্দ দত্তৰ সৈতে পলায়ন কৰে। পাৰুল দাস বাতাবাৰী গাঁৱৰ ‘প্ৰতিবাদ’ নামৰ আত্মসহায়ক গোটৰ সম্পাদিকাও আছিল।
গোটৰ সদস্যাসকলৰ অভিযোগ মতে, পলায়ন কৰাৰ পূৰ্বে পাৰুল দাসে গোটৰ সভাপতিক অৱগত নকৰাকৈ আত্মসহায়ক গোটৰ একাউণ্টৰ পৰা প্ৰায় ৫ লাখ টকা উলিয়াই নিয়ে। ইয়াৰ উপৰিও স্বামীৰ ভনীয়েকৰ পৰাও ২ লাখ ৬০ হাজাৰ টকা লৈ যোৱাৰ অভিযোগ উত্থাপিত হৈছে।

এই ঘটনাৰ পিছত বিপাঙত পৰিছে আত্মসহায়ক গোটটোৰ ১০ গৰাকী মহিলা সদস্যা। তেওঁলোকৰ অভিযোগ, অভয়াপুৰীৰ SBI শাখাৰ পৰা চহী জালিয়াতি কৰি ধন উলিওৱা হৈছে। কেনেদৰে চহী জাল কৰি বেংকৰ পৰা ধন উলিওৱা সম্ভৱ হ’ল, সেই বিষয়েও গভীৰ সন্দেহ প্ৰকাশ কৰিছে গোটৰ সদস্যাসকলে। এই সমগ্ৰ ঘটনাত বেংকৰ কোনো কৰ্মচাৰীৰ জড়িত থকাৰ সম্ভাৱনাও নাকচ কৰা হোৱা নাই।
ঘটনাৰ তদন্তৰ দাবীত আত্মসহায়ক গোটৰ সদস্যাসকলে বেংক কৰ্তৃপক্ষৰ ওচৰত আবেদন জনাইছে যদিও এতিয়ালৈকে কোনো সন্তোষজনক পদক্ষেপ গ্ৰহণ কৰা হোৱা নাই বুলি অভিযোগ উত্থাপন কৰিছে।
আনহাতে, পাৰুল দাসৰ পৰিয়ালৰ লোকে অভয়াপুৰী আৰক্ষী থানাত এজাহাৰ দাখিল কৰি ন্যায় বিচাৰিছে। কিন্তু অভিযোগ দাখিলৰ পিছতো এতিয়ালৈকে আৰক্ষীয়ে জনপ্ৰতিনিধিগৰাকীৰ কোনো সন্ধান উলিয়াব পৰা নাই বুলি পৰিয়ালৰ লোকে অভিযোগ কৰিছে।
এই ঘটনাই অঞ্চলটোত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে আত্মসহায়ক গোটসমূহৰ আৰ্থিক সুৰক্ষা আৰু বেংকিং ব্যৱস্থাৰ স্বচ্ছতাক লৈও একাধিক প্ৰশ্ন উত্থাপন কৰিছে। তদন্তৰ জৰিয়তে ঘটনাৰ প্ৰকৃত সত্য পোহৰলৈ আহিব বুলি ৰাইজে আশা প্ৰকাশ কৰিছে।
