Barpeta Crime News বৰপেটা জিলাৰ চেঙা সমষ্টিৰ অন্তৰ্গত ভাতনাপাইতি মহিষখুটি এম ই স্কুলৰ ১৬১.৬৫ লাখ টকীয়া নতুন ভৱন নিৰ্মাণত ঠিকাদাৰ তৌফিকুৰ ৰহমানে ব্যাপক দুৰ্নীতি কৰাৰ গুৰুতৰ অভিযোগৰ মাজতে এক নতুন বিতৰ্কই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। যোৱা ২৮ মে’ত একাংশ দুৰ্বৃত্তই নতুন ভৱনটোৰ দৰ্জা আৰু ইলেক্ট্ৰনিক সা-সৰঞ্জাম ভাঙি লণ্ডভণ্ড কৰাৰ পিছত, ঠিকাদাৰে ভৱনটো স্কুল কৰ্তৃপক্ষক আনুষ্ঠানিকভাৱে গোটাই নিদিয়াকৈয়ে কৌশলৰে প্ৰধান শিক্ষক শ্বাহ আলমৰ জৰিয়তে আলোপতি থানাত এখন এজাহাৰ দাখিল কৰোৱায়।

অভিযোগ অনুসৰি, স্থানীয় একাংশ দালালে কেইবাজনো কিশোৰক শাৰীৰিক হাৰাশাস্তি কৰি ভয়-ভাবুকিৰে মিছা স্বীকাৰোক্তি লৈ আলোপতি চৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিদ্যুৎ ঠাকুৰীয়াক বিপথে পৰিচালিত কৰে আৰু প্ৰধান শিক্ষকগৰাকীৰ পক্ষপাতিত্বমূলক ভূমিকাৰ বাবে আৰক্ষীয়ে কোনো নিৰপেক্ষ সঠিক তদন্ত নকৰাকৈয়ে ইব্ৰাহিম আলীৰ আৰু ফজিনুৰ নামৰ দুজন ১১-১২ বছৰীয়া শিশুক জে’ল হাজোতলৈ প্ৰেৰণ কৰে।

এই ঘটনাৰ পিছতে ক্ষোভিত স্থানীয় ৰাইজে দূৰ্নীতিগ্ৰস্ত প্ৰধান শিক্ষক শ্বাহ আলম, স্বানীয় দালাল ৰাশিদুল হক, ইব্ৰাহিম আলীৰ লগতে দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰ তৌফিকুৰ ৰহমানৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে সমগ্ৰ ঘটনাৰ এক উচ্চস্তৰীয় আৰু নিৰপেক্ষ তদন্ত কৰি প্ৰকৃত দোষীক শাস্তি প্ৰদান কৰিবলৈ প্ৰশাসনৰ ওচৰত দাবী জনাইছে। ৰাইজৰ প্ৰশ্ন ঠিকাদাৰৰে গোপন বুজাবুজি কৰা প্ৰধান শিক্ষক শ্বাহ আলমৰ সাহস হ’ব নে? লাখ লাখ টকা দূৰ্নীতি কৰা দূৰ্নীতিগ্ৰস্ত ঠিকাদাৰ তৌফিকুৰ ৰহমানৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ।

