শিৰোনামঃ প্ৰেম প্ৰত্যাখ্যানৰ প্ৰতিশোধ সন্দেহ! নলবাৰীৰ চাঞ্চল্যকৰ হত্যাকাণ্ডত ৰোজ আলী-হিতেশ আলী চিনাক্ত, GMCHত সংকটজনক মৃদুমুদ্ৰা

শিৰোনামঃ প্ৰেম প্ৰত্যাখ্যানৰ প্ৰতিশোধ সন্দেহ! নলবাৰীৰ চাঞ্চল্যকৰ হত্যাকাণ্ডত ৰোজ আলী-হিতেশ আলী চিনাক্ত, GMCHত সংকটজনক মৃদুমুদ্ৰা

GMCH । নলবাৰীত সংঘটিত হোৱা আছু নেতা মাধুৰ্য বৰ্মন হত্যাকাণ্ডই সমগ্ৰ ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। এই ঘটনাত আৰক্ষীয়ে ইতিমধ্যে দুই সন্দেহভাজন অভিযুক্ত—ৰোজ আলী আৰু হিতেশ আলীক চিনাক্ত কৰাৰ লগতে তেওঁলোকৰ অৱস্থিতিৰ তথ্য লাভ কৰা বুলি জানিব পৰা গৈছে। দুয়োৰে ঘৰ পূব কালাকুছি গাঁৱত বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে নিহত মাধুৰ্য বৰ্মন পশ্চিম নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক আছিল। ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে মুকালমুৱা আৰক্ষীয়ে।

আহত মৃদুমুদ্ৰা ডেকাৰ মাতৃয়ে অভিযোগ কৰা অনুসৰি, দীৰ্ঘদিন ধৰি ৰোজ আলীয়ে মৃদুমুদ্ৰাক লক্ষ্য কৰি আতিশয্য আৰু ভাবুকি দি আহিছিল। জানুৱাৰী মাহতো মৃদুমুদ্ৰাৰ ঘৰলৈ আহি ছুৰী দেখুৱাই ভাবুকি দিয়াৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালটোৱে। পৰিয়ালৰ দাবী অনুসৰি, স্কুলত পঢ়ি থকা সময়ৰে পৰাই ৰোজ আলীয়ে মৃদুমুদ্ৰাক অনুসৰণ আৰু ভয়-ভাবুকি দি আহিছিল।

মৃদুমুদ্ৰাৰ মাতৃয়ে কয় যে, প্ৰেম প্ৰত্যাখ্যান কৰাৰ পিছৰে পৰা ৰোজ আলীৰ ব্যৱহাৰ অধিক আক্ৰমণাত্মক হৈ পৰিছিল। আনকি যুৱতীগৰাকীৰ পৰিয়ালে অভিযুক্তৰ পিতৃ-মাতৃকো অভিযোগ কৰিছিল যদিও পৰৱৰ্তী সময়ত “এনে ঘটনা পুনৰ নঘটে” বুলি আশ্বাস দিয়াত আৰক্ষীত অভিযোগ দাখিল কৰা নাছিল।

জানিব পৰা মতে, মৃদুমুদ্ৰা ডেকা নলবাৰীৰ বাণেকুছিস্থিত জৱাহৰ নৱোদয় বিদ্যালয়ৰ উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাৰ ছাত্ৰী। গৰম বন্ধ উপলক্ষে হোষ্টেলৰ পৰা ঘৰলৈ আহিছিল তেওঁ।

ঘটনাৰ বিৱৰণ অনুসৰি, দেওবাৰে সন্ধিয়া নলবাৰীৰ গংগাপুৰত স্কুটীৰে উভতি অহা সময়ত মাধুৰ্য বৰ্মন আৰু মৃদুমুদ্ৰা ডেকাক দুৰ্বৃত্তই পথ আগচি ধৰে। অভিযোগ অনুসৰি, যুৱতীগৰাকীক জোৰকৈ লৈ যোৱাৰ চেষ্টা চলোৱাৰ সময়ত বাধা দিয়াত মাধুৰ্যক চোকা অস্ত্ৰৰে আক্ৰমণ কৰা হয়। লগতে মৃদুমুদ্ৰাকো গুৰুতৰভাৱে আঘাত কৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰে অভিযুক্তসকল।

স্থানীয় লোকে দুয়োকে উদ্ধাৰ কৰি চিকিৎসালয়লৈ নি থকা অৱস্থাত মাধুৰ্য বৰ্মনৰ মৃত্যু হয়। আনহাতে, মৃদুমুদ্ৰা ডেকাক সংকটজনক অৱস্থাত GMCHত ভৰ্তি কৰোৱা হৈছে।

এই ঘটনাৰ পিছতে অভিযুক্ত ৰোজ আলীৰ পৰিয়াল ঘৰ এৰি পলায়ন কৰা বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে চলোৱা তদন্তত ৰোজ আলীৰ অন্তিম লোকেচন আদাবাৰীত পোৱা গৈছে বুলি সূত্ৰে জানিবলৈ দিয়ে।

ঘটনাটোৰ আঁৰত প্ৰেম প্ৰত্যাখ্যানজনিত প্ৰতিশোধৰ দিশটোও তদন্ত কৰি আছে আৰক্ষীয়ে। যদিও এই অভিযোগসমূহৰ বহুতো দিশ এতিয়াও আনুষ্ঠানিকভাৱে আৰক্ষীয়ে নিশ্চিত কৰা নাই।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top