শিৰোনামঃ ৫ জুনত মন্ত্ৰীসভা সম্প্ৰসাৰণ, দিছপুৰত জল্পনা-কল্পনাৰ তুঙ্গত মন্ত্ৰিত্বৰ দৌৰ । Himanta Biswa Sarma

শিৰোনামঃ ৫ জুনত মন্ত্ৰীসভা সম্প্ৰসাৰণ, দিছপুৰত জল্পনা-কল্পনাৰ তুঙ্গত মন্ত্ৰিত্বৰ দৌৰ । Himanta Biswa Sarma

Himanta Biswa Sarma । অহা ৫ জুনত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণক লৈ ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ উৎকণ্ঠা। সাধাৰণ জনতাৰ কৌতূহলতকৈও অধিক উৎকণ্ঠাত আছে একাংশ প্ৰাক্তন মন্ত্ৰী, বিধায়ক আৰু মন্ত্ৰিত্বৰ আশাৰে অপেক্ষাৰত নতুন মুখসমূহ। দিছপুৰত এতিয়া চলিছে কেৱল মন্ত্ৰীসভাক লৈ আলোচনা—কোনে পাব দায়িত্ব, কোন হ’ব বাদ, তাক লৈ দিনে-ৰাতিয়ে চলিছে অংক-গণনা।

বিশ্বস্ত সূত্ৰৰ মতে, নতুন মন্ত্ৰীসভাত ১০-১২ গৰাকী বিধায়কক স্থান দিয়াৰ সম্ভাৱনা আছে। ইয়াৰ ভিতৰত ৩-৪ গৰাকী নতুন মুখেও স্থান লাভ কৰিব পাৰে বুলি চৰ্চা চলিছে। ইতিমধ্যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই দিল্লীত কেন্দ্ৰীয় নেতৃত্বৰ সৈতে কেইবাখনো গুৰুত্বপূৰ্ণ বৈঠক সম্পন্ন কৰিছে আৰু মন্ত্ৰীসভাৰ সম্ভাৱ্য তালিকাও প্ৰায় চূড়ান্ত হোৱা বুলি জানিব পৰা গৈছে।

মন্ত্ৰিত্বৰ সম্ভাৱ্য তালিকাত চৰ্চালৈ আহিছে প্ৰাক্তন মন্ত্ৰী ডাঃ ৰণোজ পেগু, পীযুষ হাজৰিকা, জয়ন্ত মল্লবৰুৱা, বিমল বড়া, কৌশিক ৰায়, সুশান্ত বৰগোহাঁই, পল্লৱ লোচন দাস, বলীন চেতিয়া আদি নেতাৰ নাম। বৰাক, উজনি, চাহ জনগোষ্ঠী, মিচিং, মৰাণ, অনুসূচীত জাতি আদিক প্ৰতিনিধিত্ব দিয়াৰ দিশটোও গুৰুত্ব সহকাৰে বিবেচনা কৰা হৈছে।

ইফালে, পুৰণি মন্ত্ৰীসভাৰ কেইবাজনো মুখ এইবাৰ বাদ পৰিব পাৰে বুলি দিছপুৰৰ ৰাজনৈতিক মহলত জোৰদাৰ আলোচনা চলিছে। বিশেষকৈ কেশৱ মহন্ত, প্ৰশান্ত ফুকন, ৰূপেশ গোৱালা আদি কেইবাজনো এইবাৰ মন্ত্ৰিত্ব নাপাব পাৰে বুলি সূত্ৰই দাবী কৰিছে। যদিও জ্যেষ্ঠ নেতা চন্দ্ৰমোহন পাটোৱাৰীক কেবিনেট মৰ্যাদাৰে নতুন দায়িত্ব দিয়াৰ সম্ভাৱনাও নাকচ কৰা হোৱা নাই।

উল্লেখ্য যে, ১২ মে’ত ইতিমধ্যে মুখ্যমন্ত্ৰীৰ সৈতে চাৰিগৰাকী বিধায়কে মন্ত্ৰী হিচাপে শপত লৈছিল। ইয়াৰ ভিতৰত আছে অতুল বৰা, চৰণ বড়ো, অজন্তা নেওগ আৰু ৰামেশ্বৰ তেলী।

এতিয়া সকলোৰে দৃষ্টি ৫ জুনৰ দিশে। নতুন আৰু পুৰণি মুখৰ সমন্বয়ে গঠন হ’বলগীয়া এই মন্ত্ৰীসভাত বহু চিনাকি মুখ বাদ পৰাৰ সম্ভাৱনাই ৰাজনৈতিক মহলত জল্পনা-কল্পনাক অধিক তীব্ৰ কৰি তুলিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top