Airtel । ভাৰতী এয়াৰটেলে আজি “এয়াৰটেল প্ৰায়ৰিটি প’ষ্টপেইড” নামৰ এক নতুন সেৱা মুকলি কৰাৰ ঘোষণা কৰে। এই সেৱাই 5G নেটৱৰ্ক স্লাইচিং প্ৰযুক্তিৰ জৰিয়তে পোষ্টপেইড গ্ৰাহকসকলক উন্নত মানৰ সংযোগ আৰু অধিক স্থিৰ নেটৱৰ্ক অভিজ্ঞতা প্ৰদান কৰিব।
বিশেষকৈ কাম-কাজ, অনলাইন সহযোগিতা, ভিডিঅ’ কলিং অথবা মনোৰঞ্জনৰ বাবে যিসকল গ্ৰাহকে উচ্চমানৰ নেটৱৰ্ক সংযোগৰ ওপৰত নিৰ্ভৰ কৰে, তেওঁলোকক লক্ষ্য কৰিয়েই এই নতুন ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছে।

কোম্পানীটোৱে জনোৱা মতে, এই সেৱাৰ বাবে এয়াৰটেলে নিজৰ 5G নেটৱৰ্ক উন্নীত কৰি উন্নত স্লাইচিং প্ৰযুক্তি সংযোজন কৰিছে। ইয়াৰ জৰিয়তে নেটৱৰ্কৰ ক্ষমতা অধিক দক্ষভাৱে ব্যৱহাৰ কৰাৰ লগতে ভিৰ অধিক থকা সময়তো অগ্ৰাধিকাৰ গ্ৰাহকসকলক নিৰৱচ্ছিন্ন আৰু নিৰ্ভৰযোগ্য সেৱা প্ৰদান কৰা সম্ভৱ হ’ব।
উল্লেখযোগ্য যে যোৱা বছৰ আমেৰিকা যুক্তৰাষ্ট্ৰ, ছিংগাপুৰ, ইউনাইটেড কিংডম আৰু মালয়েছিয়াৰ দৰে দেশসমূহত ইতিমধ্যে স্লাইচিং-ভিত্তিক 5G সেৱা আৰম্ভ কৰা হৈছিল। ভাৰতত এই ধৰণৰ সেৱা আৰম্ভ কৰা এয়াৰটেল প্ৰথম টেলিকম কোম্পানী বুলি দাবী কৰা হৈছে।

এই সন্দৰ্ভত মন্তব্য কৰি এয়াৰটেল ভাৰতৰ এমডি আৰু চিইঅ’ Shashwat Sharma-এ কয়, “এয়াৰটেলত আমাৰ লক্ষ্য হৈছে গ্ৰাহকসকলক অৰ্থপূৰ্ণ উদ্ভাৱনৰ জৰিয়তে উন্নত অভিজ্ঞতা প্ৰদান কৰা। 5G স্লাইচিং প্ৰযুক্তিৰ সহায়ত আৰম্ভ কৰা ‘প্ৰায়ৰিটি প’ষ্টপেইড’ সেৱাই গ্ৰাহকসকলক অধিক বিশ্বাসযোগ্য আৰু উন্নত নেটৱৰ্ক অভিজ্ঞতা দিব। ভিৰত ক্লায়েণ্ট কল, কনচাৰ্টত লাইভ ষ্ট্ৰীমিং বা জনবহুল বজাৰত কেব বুকিং—সকলো ক্ষেত্ৰতে গ্ৰাহকে উন্নত সংযোগ লাভ কৰিব।”

কোম্পানীটোৱে জনোৱা মতে, এয়াৰটেলৰ সকলো পোষ্টপেইড পৰিকল্পনাত এই সুবিধা উপলব্ধ থাকিব। বৰ্তমানৰ গ্ৰাহকসকলে স্বয়ংক্ৰিয়ভাৱে এই সুবিধা লাভ কৰিব। আনহাতে, প্ৰিপেইড গ্ৰাহকসকলে এয়াৰটেল এপ অথবা নিকটৱৰ্তী এয়াৰটেল ষ্ট’ৰৰ জৰিয়তে সহজে “প্ৰায়ৰিটি প’ষ্টপেইড”লৈ সলনি কৰিব পাৰিব।
এয়াৰটেল প্ৰায়ৰিটি প’ষ্টপেইড পৰিকল্পনাসমূহঃ
₹৪৪৯ + GST (ব্যক্তিকেন্দ্ৰিক প্লেন)
- 5G-ত Fastlane অগ্ৰাধিকাৰ
- জালিয়াতি চিনাক্তকৰণ আৰু স্পেম সতৰ্কতা
- সীমাহীন ডাটা আৰু কলিং
- 3000 SMS
- এয়াৰটেল এক্সষ্ট্ৰিম প্লে
- Adobe Express Premium
- 100GB ক্লাউড সংৰক্ষণ
₹৬৯৯ + GST (২ জনীয়া পৰিয়াল প্লেন)
- ওপৰৰ সকলো সুবিধাৰ লগতে Amazon Prime আৰু JioHotstar
₹৯৯৯ + GST (৩ জনীয়া পৰিয়াল প্লেন)
- ওপৰৰ সকলো সুবিধাৰ লগতে Apple TV+ আৰু Apple Music
₹১১৯৯ + GST (৪ জনীয়া পৰিয়াল প্লেন)
₹১৭৪৯ + GST (৫ জনীয়া পৰিয়াল প্লেন)
- ওপৰৰ সকলো সুবিধাৰ লগতে Netflix
কোম্পানীটোৱে আৰু জানিবলৈ দিয়ে যে শেহতীয়া ছফ্টৱেৰ আপডেট থকা যিকোনো 5G SA সক্ষম স্মাৰ্টফোনত এই সেৱা ব্যৱহাৰ কৰিব পাৰিব। গ্ৰাহকসকলে এয়াৰটেল এপত লগ ইন কৰি নিজৰ ফোন এই সেৱাৰ বাবে উপযুক্ত নে নহয় পৰীক্ষা কৰিব পাৰিব।
উন্নত স্লাইচিং প্ৰযুক্তি সংযোজন কৰিছে। ইয়াৰ জৰিয়তে নেটৱৰ্কৰ ক্ষমতা অধিক দক্ষভাৱে ব্যৱহাৰ কৰাৰ লগতে ভিৰ অধিক থকা সময়তো অগ্ৰাধিকাৰ গ্ৰাহকসকলক নিৰৱচ্ছিন্ন আৰু নিৰ্ভৰযোগ্য সেৱা প্ৰদান কৰা সম্ভৱ হ’ব।