বিনোদন জগতলৈ পুনৰ এক শোকাৱহ খবৰ

বিনোদন জগতলৈ পুনৰ এক শোকাৱহ খবৰ

পঞ্জাৱৰ বিনোদন জগতত পুনৰ নামি আহিছে শোকৰ ছাঁ। ২৯ বছৰীয়া পঞ্জাবী গায়িকা তথা মেকআপ আৰ্টিষ্ট ইন্দৰ কৌৰৰ মৃতদেহ Neelon Canalৰ পৰা উদ্ধাৰ কৰা হৈছে। যশিন্দৰ কৌৰ নামেৰেও পৰিচিত এই গায়িকাগৰাকী লুধিয়ানাৰ পৰা অপহৰণ হোৱা বুলি অভিযোগ উত্থাপন হৈছে।

প্ৰাপ্ত তথ্য অনুসৰি, ১৩ মে’ৰ পৰা নিখোঁজ হৈ আছিল ইন্দৰ কৌৰ। ১৯ মে’ৰ পুৱা প্ৰায় ১১ বজাত তেওঁৰ মৃতদেহ উদ্ধাৰ কৰা হয়। পিছত পৰিয়ালৰ লোকে মৃতদেহটো চিনাক্ত কৰে। উদ্ধাৰৰ পিছতে মৰণোত্তৰ পৰীক্ষা আৰু আইনী প্ৰক্ৰিয়াৰ বাবে মৃতদেহটো চামৰালাৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।

এই ঘটনাৰ সন্দৰ্ভত গায়িকাগৰাকীৰ ভাতৃ যতীন্দৰ সিঙে আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰিছিল। তেওঁৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি ১৫ মে’ত মোগা জিলাৰ বাসিন্দা সুখবিন্দৰ সিং ওৰফে সুখা আৰু তেওঁৰ সহযোগী কৰমজিৎ সিঙৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে।

অভিযোগ অনুসৰি, ১৩ মে’ৰ সন্ধিয়া ইন্দৰ কৌৰে নিজৰ Ford Figo গাড়ীৰে বজাৰ কৰিবলৈ ওলাই গৈছিল, কিন্তু তাৰ পিছত তেওঁ ঘৰলৈ উভতি নাহে। পৰিয়ালে একাধিকবাৰ ফোন কৰিও কোনো সঁহাৰি নোপোৱাত উদ্বিগ্ন হৈ আৰক্ষীৰ সহায় লয়।

তদন্তৰ সময়ত পোহৰলৈ আহে যে, ইন্দৰ কৌৰৰ সৈতে অভিযুক্ত সুখবিন্দৰ সিঙৰ পূৰ্বৰ পৰিচয় আছিল। অভিযোগ মতে, সুখবিন্দৰে তেওঁক বিয়া কৰোৱাৰ প্ৰস্তাৱ আগবঢ়াইছিল যদিও ইন্দৰ কৌৰে সেই প্ৰস্তাৱ নাকচ কৰিছিল। পৰিয়ালৰ দাবী, এই প্ৰস্তাৱ নাকচ কৰাৰ ফলতেই গায়িকাগৰাকীক অপহৰণ কৰি হত্যা কৰা হৈছে।

অভিযোগ অনুসৰি, ঘটনাৰ পিছতে মূল অভিযুক্ত সুখবিন্দৰ সিংয়ে কানাডালৈ পলায়ন কৰিছে। আৰক্ষীয়ে ঘটনাটোৰ তদন্ত অব্যাহত ৰাখিছে আৰু অভিযুক্তসকলক গ্ৰেপ্তাৰৰ চেষ্টা চলাই আছে।

উল্লেখ্য যে, ইন্দৰ কৌৰ পঞ্জাৱৰ এগৰাকী প্ৰতিভাশালী গায়িকা আৰু মেকআপ আৰ্টিষ্ট আছিল। নিজৰ গীত, লাইভ পাৰফৰমেন্স আৰু ছ’চিয়েল মিডিয়াত সক্ৰিয়তাৰ জৰিয়তে তেওঁ পঞ্জাবী সংগীত জগতত এক সুকীয়া স্থান গঢ়ি তুলিছিল। তেওঁৰ ইনষ্টাগ্ৰাম একাউণ্টত প্ৰায় ১ লাখ ২৪ হাজাৰ ফ’ল’ৱাৰ আছিল।

এই শোকাৱহ ঘটনাই পঞ্জাৱৰ সাংস্কৃতিক জগতক গভীৰভাবে আঘাত কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top