অসম বিধানসভা নিৰ্বাচনত পৰাজয়ৰ পিছতে প্ৰথমবাৰৰ বাবে মুখ খুলিছে লুৰীণজ্যোতি গগৈ।

অসম বিধানসভা নিৰ্বাচনত পৰাজয়ৰ পিছতে প্ৰথমবাৰৰ বাবে মুখ খুলিছে লুৰীণজ্যোতি গগৈ।

অসম বিধানসভা নিৰ্বাচনত পৰাজয়ৰ পিছতে প্ৰথমবাৰৰ বাবে মুখ খুলিছে লুৰীণজ্যোতি গগৈ। ৯ মে’ত গুৱাহাটীত অনুষ্ঠিত এক সংবাদমেলত অসম জাতীয় পৰিষদ (AJP)ৰ সভাপতিজনে নিৰ্বাচনী ফলাফলক “অকল্পনীয়” বুলি অভিহিত কৰি দলৰ পৰাজয় স্বীকাৰ কৰে।

উল্লেখ্য যে, খোৱাং সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা লুৰীণজ্যোতি গগৈয়ে প্ৰায় ৯,৯৮৪টা ভোটৰ ব্যৱধানত চক্ৰধৰ গগৈ (ভাৰতীয় জনতা পাৰ্টি)ৰ হাতত পৰাজিত হৈছিল। যদিও দলটোৱে আশানুৰূপ সফলতা লাভ নকৰিলে, তথাপিও তেওঁ ৰাইজক ধন্যবাদ জনাই ভৱিষ্যতে এজন দায়িত্বশীল বিৰোধী হিচাপে কাম কৰি যোৱাৰ সংকল্প ব্যক্ত কৰে।

সংবাদমেলত তেওঁ কয়— “আমাৰ কাৰণে এই ফলাফল অকল্পনীয়। আমি পৰাজয় মানি লৈছো আৰু ৰাইজৰ জনাদেশক সন্মান কৰোঁ। এই যুঁজ কোনো ব্যক্তিগত জয়-পৰাজয় নহয়, ই এটা আদৰ্শৰ যুঁজ। আমি ৰাইজৰ লগত আছো আৰু আগলৈও তেওঁলোকৰ পৰামৰ্শ লৈ আগবাঢ়িম।”

তেওঁ লগতে স্বীকাৰ কৰে যে, সাংগঠনিক দুৰ্বলতা, মিত্রতা গঠনত পলম আৰু সমষ্টি পুনৰ নিৰ্ধাৰণে দলৰ ফলাফলত প্ৰভাৱ পেলাইছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আদৰ্শ আৰু চিন্তাধাৰা দলটোৰ বাবে গ্ৰহণযোগ্য নহয় বুলিও স্পষ্ট কৰে। “আমি আমাৰ আদৰ্শ অনুসৰি আগবাঢ়িছো, আমাৰ ভুল-ত্ৰুটিবোৰ সংশোধন কৰিম,” বুলি তেওঁ কয়।

“৩ গগৈ” বিষয়টো সন্দৰ্ভতো মন্তব্য কৰি তেওঁ কয় যে এই ধাৰণাটোৰ তেওঁ আগতেই বিৰোধিতা কৰিছিল আৰু মুখ্যমন্ত্ৰীয়ে ইয়াত ৰাজনৈতিকভাৱে সফলতা লাভ কৰিছে। কংগ্ৰেছ আৰু বাওপন্থী দলসমূহৰ সৈতে মিত্রতা কৰিলেও আদৰ্শগত পাৰ্থক্য অব্যাহত থাকিব বুলিও তেওঁ স্পষ্ট কৰে।

ইয়াৰ লগতে লুৰীণজ্যোতি গগৈয়ে নিৰ্বাচন প্ৰক্ৰিয়াক লৈ উদ্বেগ প্ৰকাশ কৰে। ভাৰত নির্বাচন আয়োগৰ ভূমিকা, ইভিএম (EVM) ব্যৱস্থা আৰু ভোট গণনাত কিছুমান বিসংগতি থকাৰ অভিযোগ তোলে। তেওঁ দাবী কৰে যে নিৰ্বাচনৰ সময়ত শাসকীয় দলৰ কৰ্মীসকলে বিভিন্ন ঠাইত গুণ্ডাগিৰি চলাইছিল আৰু আৰক্ষীয়ে ভুক্তভোগীকেই মানসিক অত্যাচাৰ কৰিছিল।

লুৰীণজ্যোতি গগৈয়ে অভিযোগ কৰে যে চৰকাৰী আঁচনিৰ ধন ব্যৱহাৰ কৰি আৰু নগদ ধন বিতৰণৰ জৰিয়তে ভোট ক্ৰয় কৰাৰ চেষ্টা চলোৱা হৈছিল। যদিও দলটোৱে পৰাজয় বৰণ কৰিবলগীয়া হ’ল, তথাপিও বিজেপিৰ “অগণতান্ত্ৰিক” কাৰ্যকলাপৰ বিৰুদ্ধে আগন্তুক দিনতো ৰাইজৰ মাজত সংগ্ৰাম অব্যাহত ৰাখিব বুলি তেওঁ দৃঢ়তা প্ৰকাশ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top