নলবাৰীৰ জানিগোগত প্ৰধান শিক্ষকৰ বিৰুদ্ধে অশালীন আচৰণৰ অভিযোগ, উত্তপ্ত পৰিস্থিতি বিদ্যালয় চৌহদত

নলবাৰীৰ জানিগোগত প্ৰধান শিক্ষকৰ বিৰুদ্ধে অশালীন আচৰণৰ অভিযোগ, উত্তপ্ত পৰিস্থিতি বিদ্যালয় চৌহদত

নলবাৰী জিলাৰ জানিগোগ অঞ্চলত অৱস্থিত দক্ষিণ জানিগোগ প্ৰাথমিক বিদ্যালয়ত এক চাঞ্চল্যকৰ ঘটনাক কেন্দ্ৰ কৰি শুকুৰবাৰে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। বিদ্যালয়খনৰ প্ৰধান শিক্ষক অজয় মজুমদাৰৰ বিৰুদ্ধে এগৰাকী পঞ্চম শ্ৰেণীৰ ছাত্ৰীৰ সৈতে অশালীন আচৰণ কৰাৰ অভিযোগ উত্থাপন হোৱাৰ পিছতে স্থানীয় ৰাইজ আৰু অভিভাৱকসকল ক্ষোভিত হৈ পৰে।

অভিযোগ অনুসৰি, প্ৰধান শিক্ষকগৰাকীয়ে এদিন পূৰ্বে ছাত্ৰীগৰাকীক অশালীন ইংগিত দিয়াৰ লগতে অনুচিতভাৱে স্পৰ্শ কৰাৰ চেষ্টা কৰে। ঘটনাটো ছাত্ৰীগৰাকীয়ে পৰিয়ালক অৱগত কৰাৰ পিছতে অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়।

শনিবাৰে পুৱা ছাত্ৰীগৰাকীৰ অভিভাৱক, স্থানীয় ৰাইজ আৰু কেইবাজনো সচেতন নাগৰিকে বিদ্যালয় চৌহদত উপস্থিত হৈ ঘটনাটোৰ উচিত তদন্ত আৰু অভিযুক্ত শিক্ষকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনায়। উত্তেজিত লোকসকলে প্ৰধান শিক্ষক অজয় মজুমদাৰৰ পৰা জবাবদিহি বিচাৰে।

ইফালে, পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰাত নলবাৰী আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলায়। যদিও একাংশ উত্তেজিত লোকে প্ৰধান শিক্ষকগৰাকীক শাৰীৰিকভাৱে আক্ৰমণ কৰাৰ ঘটনাও সংঘটিত হয় বুলি জানিব পৰা গৈছে।

ঘটনাটোৰ গুৰুত্ব উপলব্ধি কৰি নলবাৰী জিলাৰ অতিৰিক্ত আয়ুক্ত, অতিৰিক্ত আৰক্ষী অধীক্ষকসহ আৰক্ষী আৰু প্ৰশাসনৰ উচ্চপদস্থ বিষয়াসকল বিদ্যালয়ত উপস্থিত হয়। তেওঁলোকে ঘটনাৰ তদন্ত আৰম্ভ কৰাৰ লগতে পৰিস্থিতি নিয়ন্ত্ৰণত আনিবলৈ সক্ষম হয়।

এই ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে বিদ্যালয়সমূহত শিক্ষাৰ্থীৰ সুৰক্ষা আৰু শিক্ষকৰ আচৰণক লৈ পুনৰ প্ৰশ্ন উত্থাপন কৰিছে। আৰক্ষীয়ে ঘটনাটোৰ তদন্ত অব্যাহত ৰাখিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top