এতিয়াও অন্ত পৰা নাই গুৱাহাটীৰ মঠঘৰীয়াত সংঘটিত শিহৰণকাৰী দুৰ্ঘটনাৰ ৰহস্য। দেওবাৰে ঢল পুৱা প্ৰায় ৪ বাজি ২০ মিনিটত গুৱাহাটীৰ গেট হাস্পতালৰ সন্মুখত সংঘটিত হৈছিল ৰাজ্য কঁপাই তোলা সেই ভয়ংকৰ দুৰ্ঘটনাটো।
এই কৰুণ দুৰ্ঘটনাত অকালতে প্ৰাণ হেৰুৱালে তিনিগৰাকী যুৱতীয়ে। নিহতসকল হৈছে গোৱালপাৰাৰ কৃষ্ণাইৰ পূজা সাহা, চৰাইদেউৰ সাপেখাতীৰ আকাংক্ষা শইকীয়া আৰু আৰ্মিনা আহমেদ। উল্লেখযোগ্য যে, আৰ্মিনা আহমেদ আছিল অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ চিভিল ইঞ্জিনিয়াৰিং বিভাগৰ বি.টেকৰ ছাত্ৰী। আনহাতে, আকাংক্ষা শইকীয়া আৰু পূজা সাহা ৰয়েল গ্ল’বেল বিশ্ববিদ্যালয়ৰ কৰ্মচাৰী বুলি জানিব পৰা গৈছে।
খবৰ অনুসৰি, লখৰাৰ পৰা মঠঘৰীয়ালৈ গৈ আছিল তিনিগৰাকী যুৱতী। সেই সময়তে পথত ৰৈ থকা এখন ট্ৰাকত তেওঁলোক যাত্ৰা কৰা ছুইফট বাহনখনে প্ৰচণ্ডভাৱে খুন্দা মৰাৰ ফলত ঘটনাস্থলীতেই তিনিওগৰাকীয়ে কৰুণ মৃত্যুক আঁকোৱালি লয়।
ইতিমধ্যে ট্ৰাকখনৰ চালক সুভাষ পাটক আৰক্ষীয়ে আটক কৰিছে। মৰিগাঁও জিলাৰ নেলীৰ বাসিন্দা সুভাষ পাটে নুনমাটিৰ নেপালী চ’কত ভাড়াতীয়া হিচাপে বসবাস কৰি আহিছিল। নুনমাটি আৰক্ষীয়ে তেওঁক আটক কৰি সোধাপোছা অব্যাহত ৰাখিছে। উল্লেখ্য যে দুৰ্ঘটনাৰ সময়ত ট্ৰাকখনতে শুই আছিল চালকজন।
ইফালে, দুৰ্ঘটনাত জড়িত ছুইফট বাহনৰ চালক ছামিম আহমেদে আত্মসমৰ্পণ কৰাৰ সম্ভাৱনা প্ৰকাশ পাইছে। দুৰ্ঘটনাৰ পাছতে ম’বাইল অফ কৰি ৰাখিছিল ছামিমে যদিও কিছুসময় পূৰ্বে পুনৰ ম’বাইল অন কৰা বুলি জানিব পৰা গৈছে। নুনমাটি আৰক্ষীয়ে ইতিমধ্যে তেওঁৰ পৰিয়ালৰ সৈতে যোগাযোগ কৰিছে আৰু আৰক্ষীৰ দল ছামিমৰ সন্ধানত ৰাওনা হৈছে। আগৰতলাৰ বাসিন্দা ছামিম আহমেদ জয়ানগৰত ভাড়াতীয়া হিচাপে থাকি আহিছিল।
মন কৰিবলগীয়া যে, দুৰ্ঘটনাৰ মাত্ৰ কেইছেকেণ্ডমানৰ ভিতৰতে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈছিল আৰু আহত চালক ছামিম আহমেদক উদ্ধাৰ কৰি ততাতৈয়াকৈ গেট হাস্পতাললৈ লৈ যোৱা হৈছিল। কিন্তু আশ্চৰ্যজনকভাৱে চিকিৎসা নকৰাকৈয়ে হাস্পতালৰ পৰা পলায়ন কৰে ছামিমে। এই সমগ্ৰ দৃশ্য গেট হাস্পতালৰ CCTV কেমেৰাত বন্দী হৈছে।
ঘটনাটোৱে সমগ্ৰ ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে পথ সুৰক্ষা আৰু দায়িত্বজ্ঞানহীন চালনা সন্দৰ্ভত পুনৰ এবাৰ প্ৰশ্ন উত্থাপন কৰিছে। আৰক্ষীয়ে ঘটনাটোৰ সম্পূৰ্ণ তদন্ত অব্যাহত ৰাখিছে।
