“হিমন্ত বিশ্ব শৰ্মাৰ চৰিত্ৰ বেয়া নেকি?” , হিমন্ত বিশ্ব শৰ্মাৰ চৰিত্ৰ প্ৰসংগতলেখিকা শিখা শৰ্মাই কি লিখিলে ..

“হিমন্ত বিশ্ব শৰ্মাৰ চৰিত্ৰ বেয়া নেকি?” , হিমন্ত বিশ্ব শৰ্মাৰ চৰিত্ৰ প্ৰসংগতলেখিকা শিখা শৰ্মাই কি লিখিলে ..

সামাজিক মাধ্যমত হিমন্ত বিশ্ব শৰ্মাৰ চৰিত্ৰ প্ৰসংগত লেখিকা শিখা শৰ্মাই লিখিলে এনেকৈ-

“হিমন্ত বিশ্ব শৰ্মাৰ চৰিত্ৰ বেয়া নেকি?”
(প্ৰসংগ—ৰাজীৱ ভৱনৰ যুদ্ধকোঠাত চিজু)
অসম কংগ্ৰেছ ইমানেই তললৈ নামি গ’ল যে, কংগ্ৰেছৰ প্ৰতি থকা আমাৰ সামান্যতম সদভাবখিনিও আজি শেষ হোৱাৰ পথত।
আমি বাৰে বাৰে লিখি আহিছোঁ যে গৌৰৱ গগৈ আমাৰ শত্ৰু নহয়। কোনো খিলঞ্জীয়াই আমাৰ শত্ৰু নহয়৷ কংগ্ৰেছ নিশেষ হৈ যোৱাতো আমি কেতিয়াও নিবিচাৰোঁ। বিৰোধী দল হিচাপে আমি কংগ্ৰেছকেই বিচাৰোঁ৷
আমাৰ মনত বিৰোধী দল হিচাপে কংগ্ৰেছৰ প্ৰতি থকা ভাল ভাববোৰ শেষ কৰিবলৈ কংগ্ৰেছ দেখোন উঠিপৰি লাগিছে?
গৌৰৱ গগৈ যিদৰে খিলঞ্জীয়া, ঠিক একেদৰে হিমন্ত বিশ্ব শৰ্মাও এজন খিলঞ্জীয়া৷ আজিৰ তাৰিখত গৌৰৱ গগৈত কৈ হিমন্ত বিশ্ব শৰ্মাৰ কৰ্মদক্ষতা, অভিজ্ঞতা আৰু সংগ্ৰাম তথা সংঘাত বহুত বেছি৷ সেইবাবেই অসমৰ গৰিষ্ঠসংখ্যক মানুহে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বক গ্ৰহণ কৰিছে আৰু ২০২৬ চনত পুনৰ বিজেপি দলক জিকাবলৈ মন মেলিছে৷
ইলেকচন হ’ল এখন যুদ্ধ৷ এই যুদ্ধত যি দল জিকিব, ৰাইজে সেই দলৰ চৰকাৰক মানি ল’ব৷ যুদ্ধ জিকিবলৈ প্ৰথমতে ৰাইজৰ মন জিকিব লাগিব। হিমন্ত বিশ্ব শৰ্মাই সীমাহীন উন্নয়ন, প্ৰচুৰ জনসেৱা আৰু জনতাক নিৰন্তৰ শ্ৰমদানেৰে নিজৰ ভৰিৰ তলৰ মাটিখিনি মজবুত কৰি তুলিছে৷ সেয়া হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ পৰিশ্ৰম, সু-পৰিকল্পনা আৰু পৰিপক্ক ৰাজনৈতিক জ্ঞানৰ ফচল। তাত ঈৰ্ষা কৰি লাভ নাই।
জনতাই সতেজ ফুলেৰে ভৰিৰ পৰা মূৰলৈকে ভৰ্তি কৰি পেলোৱা অসীম জনপ্ৰিয় ব্যক্তি অসমত আজিলৈকে এজনেই আছে, তেওঁ হ’ল হিমন্ত বিশ্ব শৰ্মা৷
ইলেকচনৰ প্ৰচাৰ অভিযানত হিমন্ত বিশ্ব শৰ্মাৰ ৰেলীত ফুলৰ বৰষুণ হৈছে৷ তেওঁ য’তেই গৈছে ত’তেই সীমাহীন মানুহৰ সোঁত বৈছে৷ গণিব নোৱাৰা অগণন মানুহ পাগল হৈ পৰিছে হিমন্তৰ বাবে৷ এজন জীৱিত ব্যক্তিক ইমান বেছি জনপ্ৰিয়তা দিয়া, এজন জীৱিত ব্যক্তিক ইমান ফুলেৰে ওপচাই পেলোৱা, এজন জীৱিত ব্যক্তিক এবাৰ চুই চাবলৈ মানুহৰ সাগৰ এখন পাগল হৈ পৰা অসমত এইয়াই প্ৰথম৷ অসমত মই জনা-বুজা হোৱাৰে পৰা আজিৰ তাৰিখলৈ ইমান অপাৰ জনপ্ৰিয়তা থকা ব্যক্তি এজনেই৷ তেওঁ হ’ল হিমন্ত বিশ্ব শৰ্মা৷
ৰাজনীতিত হিমন্ত বিশ্ব শৰ্মাৰ 25 বছৰ হ’ল। মানে ৰূপালী জয়ন্তী৷ এই 25 বছৰত আজিলৈকে হিমন্ত বিশ্ব শৰ্মাৰ কোনো নাৰী কেলেংকাৰী নুশুনিলোঁ৷ হিমন্ত বিশ্ব শৰ্মাৰ না কোনোবা মহিলালৈ গভীৰ নিশাৰ মেছেজ ভাইৰেল হ’ল, না কোনোবা মহিলালৈ মাজৰাতি কৰা ফোনকল ভাইৰেল হ’ল৷ হিমন্ত বিশ্ব শৰ্মাই কোনোবা মহিলাক সাৱতি ধৰি তেওঁ নিজ মুখেৰে চুমা খোৱাৰ এখন ফটোওতো ভাইৰেল নহ’ল। কোনোবাই তেওঁক চুমা খাইছে, সেইটো আমাক নালাগে৷ কিন্তু মুখ্যমন্ত্ৰীয়ে নিজ মুখে কোনো মহিলাক তো চুমা খোৱা নাই৷
হিমন্ত বিশ্ব শৰ্মাই আজিলৈকে মদ খোৱাৰ দৃশ্য ভাইৰেল নহ’ল। আজিলৈকে হাতত মদৰ গিলাচ লৈ থকা ফটো বা Video ভাইৰেল নহ’ল৷
আজি 25 বছৰে হিমন্ত বিশ্ব শৰ্মাক “মদাহী” বুলি আমি বদনাম দিব নোৱাৰিলোঁ৷ সেই সুযোগ তেওঁ আমাক নিদিলে৷ আজিলৈকে কোনো এটা দৃশ্যৰ Video নেদেখিলোঁ, য’ত মদৰ জালত তেওঁৰ জিভা দোৰোল খাই পৰিছে৷ ভৰি পাক খাই ঢলং ঢপংকৈ খোজ কঢ়া হিমন্ত বিশ্ব শৰ্মাক কোনোদিন নেদেখিলোঁ।
হিমন্ত বিশ্ব শৰ্মাৰ মুখত আজিলৈকে এটাও অশ্লীল শব্দ নুশুনিলোঁ৷ হিমন্ত বিশ্ব শৰ্মাই আজিলৈকে কোনো জাতি বা সমাজৰ কোনো সন্মানীয় ব্যক্তিসত্বাক অপমান কৰি ৰাজহুৱা মন্তব্য নিদিলে৷
এজন পুৰুষ। যি মদ নাখায়, ৰাজহুৱাভাবে অশ্লীল কথা কৈ সমাজক অপমান নকৰে, নাৰী কেলেংকাৰীৰ নাম নাই, তেনে এজন ব্যক্তিৰ বিষয়ে এতিয়া দুৰ্ঘোৰ ষড়যন্ত্ৰ চলিছে৷
ক’ত চলিছে এই ষড়যন্ত্ৰ?
এই ষড়যন্ত্ৰ চলিছে অসম প্ৰদেশ কংগ্ৰেছৰ ৰাজ্যিক কাৰ্য্যালয়—ৰাজীৱ ভৱনত৷
আৰু এই ষড়যন্ত্ৰ ৰচাৰ মূল মানুহটোৰ নামেই হ’ল—চিজু৷
কোন এই চিজু?
আমি পোৱা খবৰ মতে চিজু হ’ল ৰাষ্ট্ৰীয় কংগ্ৰেছৰ খাচ মানুহ৷ চিজু ৰাজস্থানী ব্যক্তি৷ আমালৈ অহা খবৰ মতে এই চিজুক গৌৰৱ গগৈয়ে অসমলৈ আনিছে ভাৰতীয় জাতীয় কংগ্ৰেছৰ পৰামৰ্শমতে। এই চিজুয়ে পঞ্জাৱৰ ইলেকচনত কংগ্ৰেছ দলৰ হৈ কাম কৰিছিল৷
অসমত চিজুৰ কাম কি হ’ব?
গৌৰৱ গগৈয়ে ৰাজীৱ ভৱনত যুদ্ধ কোঠা পাতিছে৷ যাক ইংৰাজীত War Room বুলি কোৱা হয়৷ এই যুদ্ধকোঠাৰ মূল পৰিচালক হ’ল চিজু৷ এওঁৰ নিৰ্দেশত এতিয়া ৰাজীৱ ভৱনত যুদ্ধকোঠা পৰিচালনা হ’ব৷
যুদ্ধকোঠাৰ কাম কি?
কংগ্ৰেছৰ যুদ্ধকোঠাৰ প্ৰধান কাম হ’ল অসমৰ অতি জনপ্ৰিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বদনাম উলিওৱা। হিমন্তৰ চৰিত্ৰৰ মিছা কাহিনী বনাই জনতাৰ মাজত প্ৰচাৰ কৰা। ইয়াৰ বাবে চিজু ইতিমধ্যে কামত লাগি গৈছে৷ আমি শুনামতে, মানুহৰ মাত নকল কৰিব পৰা অতি দক্ষতা থকা চিজুৱে, হিমন্ত বিশ্ব শৰ্মাৰ মাত হুবহু নকল কৰি কিছুমান Audio বনাইছে আৰু সেইবোৰ যুদ্ধকোঠাৰ আন আন সৈনিকসকলৰ দ্বাৰা ছচিয়েল মিডিয়াত ভাইৰেল কৰাবলৈ আগবাঢ়িছে৷ এই কামৰ বাবে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে মোটা অংকৰ টকাত চিজুৰ লগত চুক্তি কৰিছে৷ গৌৰৱ গগৈৰ কথা হ’ল যিকোনো প্ৰকাৰে হিমন্ত বিশ্ব শৰ্মাৰ বদনাম উলিয়াব লাগে৷ তাৰবাবে মিছা মিছা কথাৰে নকল কন্ঠস্বৰেৰে চিজু কামত লাগি গৈছে৷
বিজয় গুপ্তা নামৰ মধ্য গুৱাহাটী সমষ্টিৰ বিজেপি প্ৰাৰ্থীজনৰ কথা “অনা-অসমীয়া” বুলি ৰটনা ৰটি ফুৰা কংগ্ৰেছে, এজন খিলঞ্জীয়া অসমীয়া হিমন্ত বিশ্ব শৰ্মাৰ মিছা বদনাম উলিয়াবলৈ টেকন’লজি ব্যৱহাৰ কৰি, ষড়যন্ত্ৰমূলক অপপ্ৰচাৰত পাকৈত ৰাজস্থানী ব্যক্তি চিজুক অসমলৈ আনিছে৷ তাকো ভাৰা কৰি।
অসমৰ ৰাজনৈতিক ইতিহাসত এই ভয়ঙ্কৰ ষড়যন্ত্ৰৰ কথা ঘৃণাৰ চিয়াঁহীৰে লিখা ৰ’ব আৰু ইয়াৰ বাবে জগৰীয়া হ’ব গৌৰৱ গগৈ৷


ৰাজস্থানৰ পৰা ভাৰা কৰি অনা কোনো চিজুৱে, অসমৰ আটাইতকৈ জনপ্ৰিয় ব্যক্তি হিমন্ত বিশ্ব শৰ্মাৰ নোম এডালো ল’ৰাব নোৱাৰে৷ অসমৰ ৰাইজে হিমন্ত বিশ্ব শৰ্মাৰ বিষয়ে যি ধাৰণা ল’ব লাগে ইতিমধ্যে লৈ ল’লে৷ হিমন্ত বিশ্ব শৰ্মাক অসমীয়াই হাড়ে হিমজুৱে চিনিলে, জানিলে আৰু তেওঁ কিমান অসম হিতৈষী যোৱা পাঁচবছৰত তাৰ প্ৰমাণো ভালদৰেই পালে৷
হিমন্ত বিশ্ব শৰ্মা যে এজন অতি চৰিত্ৰবান স্বামী, সেই কথা সমগ্ৰ অসমে জানে। হিমন্ত বিশ্ব শৰ্মাই ৰিণিকি ভূঞা শৰ্মাক আজিলৈকে ৰাজহুৱাকৈ অপমান কৰা নাই৷ পৰস্ত্ৰীৰ লগত গোপন সম্পৰ্ক কৰি হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ পত্নীক আজিলৈকে অপমান কৰা নাই। কৰা হ’লে, লাখ লাখ চকুচৰহাই তেওঁৰ গোপন তথা অবৈধ ৰোমাঞ্চৰ কাহিনীৰ মেছেজ কিম্বা Video পুৰা ভাইৰেল কৰি পেলালেহেঁতেন৷ আমাৰেই সৌভাগ্য, আমি আজিলৈকে অসমৰ আটাইতকৈ জনপ্ৰিয় ব্যক্তি হিমন্ত বিশ্ব শৰ্মাৰ চাৰিত্ৰিক স্খলনৰ কোনো এটা তথ্য প্ৰমাণ নাপালোঁ৷ এজন পুৰুষৰ চৰিত্ৰৰ নিৰ্মলতাৰ প্ৰমাণ ইয়াতকৈ আৰু কি হ’ব পাৰে?
হিমন্ত বিশ্ব শৰ্মা এজন দৰমহা খোৱা চাকৰিয়াল৷ তেওঁ অসমৰ ৰাজকোষৰ পৰা মাহে ডেৰ/দুইলাখমান টকা দৰমহা পায়৷ তাৰ বিনিময়ত তেওঁ অসমক চাৰ্ভিছ দিব লাগে৷ কিন্তু কিমান সময় চাৰ্ভিছ দিব লাগে তেওঁ? তেওঁৰ Working Hours কিমান? নিশ্চয় আঠৰ পৰা দহ ঘন্টা৷ ধৰি ল’লো 12 ঘন্টা৷ কিন্তু তেওঁ অসমক কিমান সময় চাৰ্ভিছ দিয়ে? দৈনিক কমেও 19/20 ঘন্টা চাৰ্ভিছ দিয়ে হিমন্ত বিশ্ব শৰ্মাই৷ ইয়াকে কয় “অসমৰ হৈ কাম কৰা”৷ আচলতে অসমৰ হৈ হিমন্ত বিশ্ব শৰ্মাইহে অধিকতম কাম কৰি আছে৷ তাকো মাত্ৰ মাহে ডেৰ/দুইলাখ টকাত৷
অসমৰ এজন কম পৰিমানে পৰিচিত অখ্যাত সাধাৰণ গায়কেও, এখন ফাংচনত এঘন্টা গান গাই কমেও দুইলাখ টকা পায়৷ আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই, এটা মাহত দিন-ৰাতি একাকাৰ কৰি অসমৰ উন্নয়নৰ হকে কাম কৰি 30 দিনত মাত্ৰ ডেৰ/দুই লাখ টকা দৰমহা পায়। এতিয়া অসমৰ বাবে কোনে বেছি কাম কৰিলে? সেই কথা ৰাইজে নিজেই হিচাপটো কৰি ধৰিব আৰু বুজিব পাৰিব।
অসমৰ ৰাজকোষে তেওঁক এমাহত মাত্ৰ দুইলাখ টকা দৰমহা দিয়ে৷ কিন্তু তেওঁ অসমক নিজৰ গোটেইখিনি সময় দিছে, ধ্যান দিছে, আন্তৰিকতা দিছে, মনোযোগ দিছে, উন্নয়ন দিছে, অসমত তেওঁৰ তেওঁৰ সমগ্ৰ মন আৰু মগজু দিছে আৰু জনতাক সহযোগিতা দিছে৷ আমি তেওঁক সামান্য দুইলাখ টকা দিছো তাকো এমাহত৷ তেওঁ তেওঁৰ সমগ্ৰ সময় বিসৰ্জন দিছে অসমৰ জনতাৰ বাবে৷ এনেকুৱা মুখ্যমন্ত্ৰী অসমে আৰু কেতিয়াবা পাবনে?
ৰাইজ সজাগ থাকক। ৰাজস্থানৰ ভাৰাতীয়া মানুহ আহি আমাৰ খিলঞ্জীয়া মুখ্যমন্ত্ৰীজনৰ মিছা বদনাম উলিয়াব আৰু আমি সহ্য কৰি থাকিম, সেয়া কোনো কাৰণতে হ’ব নোৱাৰিব৷ আমিও সাজু থাকিম চিজুক “সিজু” কৰি পেলাবলৈ৷ সিজু এবিধ কাইটীয়া গছ৷ সিজু গছৰ এঠা বহুত৷ গতিকে ৰাজস্থানৰ চিজুক পুলিচি তদন্তৰ এঠাৰ মাজত বন্দী কৰি সিজু কৰি পেলাম আমি৷ ইতিমধ্যে অসম পুলিচেও চিজুৰ ওপৰত চোকা দৃষ্টি ৰাখিছে৷ অসমৰ মুখ্যমন্ত্ৰী তথা গৃহমন্ত্ৰীক কৰা ষড়যন্ত্ৰৰ বাবে চিজুতো ফচিবই, লগতে চিজুক সহায় কৰা সোপাও ফচিব। চাই থাকক৷ ষড়যন্ত্ৰকাৰীৰ শেষ দশা কিন্তু বৰ ভয়ানক৷


হিমন্ত বিশ্ব শৰ্মা আমাৰ মুখ্যমন্ত্ৰী৷ মিছা বদনাম প্ৰচাৰ কৰি আমাৰ মুখ্যমন্ত্ৰীজনৰ সন্মান অৱনমিত কৰাৰ চেষ্টা কৰা কোনো ব্যক্তিক আমি ক্ষমা নকৰিম৷ সি ৰাজস্থানৰ চিজুৱেই হওক বা অসমৰ সিজুবোৰেই হওক।
ভাৰত মাতা কী জয় 🙏

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top