৯ এপ্ৰিলত অসমৰ বিধানসভা নিৰ্বাচন, ৪ মে’ত ভোটগণনা; প্ৰথমবাৰৰ বাবে এটা পৰ্যায়ত ভোটগ্ৰহণ
Assembly Elections Dates 2026 । দেশৰ পাঁচখন ৰাজ্যৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা কৰিলে ভাৰতৰ নিৰ্বাচন আয়োগে। আজি বিয়লি ৪ বজাত আয়োজিত এক সংবাদ মেলত আয়োগে নিৰ্বাচনৰ পূৰ্ণাংগ সূচী প্ৰকাশ কৰে। এই সূচীৰ অধীনত অসম, পশ্চিম বংগ, কেৰালা, তামিলনাডু আৰু পুডুচেৰীৰ বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা কৰা হয়।

ঘোষণা অনুসৰি অসমত এইবাৰ এটা পৰ্যায়তেই অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন। ৯ এপ্ৰিলত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ। ১৬ মাৰ্চত জাৰি কৰা হ’ব নিৰ্বাচনী অধিসূচনা। মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন ২৩ মাৰ্চ, মনোনয়নৰ পুননিৰীক্ষণৰ তাৰিখ ২৪ মাৰ্চ আৰু মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন ২৬ মাৰ্চ ধাৰ্য কৰা হৈছে। আনহাতে ৪ মে’ত অনুষ্ঠিত হ’ব ভোটগণনা আৰু ৬ মে’ৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগিব সকলো নিৰ্বাচনী প্ৰক্ৰিয়া।
উল্লেখ্য যে অসমত প্ৰথমবাৰৰ বাবে এটা পৰ্যায়তেই অনুষ্ঠিত হ’ব ভোটগ্ৰহণ। এই ঘোষণাৰ লগে লগে পাঁচখন ৰাজ্যতেই আনুষ্ঠানিকভাৱে আৰম্ভ হ’ল নিৰ্বাচনী প্ৰক্ৰিয়া। বিশেষকৈ অসমৰ বিধানসভা নিৰ্বাচনক লক্ষ্য কৰি ইতিমধ্যে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছে নিৰ্বাচন আয়োগে।

এইবাৰ অসম বিধানসভা নিৰ্বাচনৰ বাবে ৰাজ্যজুৰি মুঠ ৩১,৪৮৬টা ভোটকেন্দ্ৰ স্থাপন কৰা হ’ব। ইয়াৰ ভিতৰত গাঁও অঞ্চলত থাকিব ২৭,৭১১টা ভোটকেন্দ্ৰ আৰু নগৰাঞ্চলত থাকিব ৩,৭৭৫টা ভোটকেন্দ্ৰ।
নাৰী শক্তিক উৎসাহিত কৰাৰ লক্ষ্যৰে এইবাৰ ৰাজ্যত ৩,৭১৬টা ভোটকেন্দ্ৰ সম্পূৰ্ণৰূপে মহিলা কৰ্মচাৰীয়ে পৰিচালনা কৰিব। ভোটাৰসকলৰ সুবিধাৰ বাবে প্ৰতিটো ভোটকেন্দ্ৰতে উন্নত ব্যৱস্থা গ্ৰহণ কৰা হৈছে। কোনো এটা ভোটকেন্দ্ৰতে ১,২০০ গৰাকীতকৈ অধিক ভোটাৰ নাথাকিব বুলি আয়োগে নিশ্চিত কৰিছে।

ভোটাৰসকলৰ বাবে প্ৰতিটো কেন্দ্ৰত খোৱাপানীৰ ব্যৱস্থাৰ লগতে বিভিন্ন মৌলিক সুবিধা থাকিব। লগতে দিব্যাংগ ভোটাৰৰ সুবিধাৰ বাবে অধিকাংশ ভোটকেন্দ্ৰ ভূমি মহলাত স্থাপন কৰা হ’ব।
এইবাৰৰ নিৰ্বাচনত প্ৰযুক্তিৰ ব্যৱহাৰো অধিক শক্তিশালী কৰা হৈছে। প্ৰথমবাৰৰ বাবে ইভিএমত প্ৰাৰ্থীৰ ৰঙীন ফটো সংযুক্ত কৰা হ’ব, যাতে ভোটাৰসকলে সহজে প্ৰাৰ্থীক চিনাক্ত কৰিব পাৰে।
ভোটগ্ৰহণ প্ৰক্ৰিয়াৰ স্বচ্ছতা নিশ্চিত কৰিবলৈ প্ৰতিটো ভোটকেন্দ্ৰত ১০০ শতাংশ ৱেব কাষ্টিং ব্যৱস্থা থাকিব। আনহাতে ভোটকেন্দ্ৰৰ ভিতৰত ম’বাইল ফোন ব্যৱহাৰ নিষিদ্ধ কৰা হৈছে আৰু ভোটাৰসকলে নিজৰ মোবাইল ফোন কেন্দ্ৰৰ বাহিৰত থৈহে ভোটদান কৰিব লাগিব।

ইয়াৰ উপৰি নিৰ্বাচন সম্পৰ্কীয় সকলো তথ্য ভোটাৰসকলে ECINET নামৰ বিশেষ এপৰ জৰিয়তে লাভ কৰিব পাৰিব। এই এপটোত নিৰ্বাচনৰ সময়সূচী, ভোটকেন্দ্ৰৰ তথ্য আৰু অন্যান্য প্ৰয়োজনীয় দিশসমূহ উপলভ্য থাকিব।
নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ লগে লগে ৰাজ্যসমূহত ৰাজনৈতিক তৎপৰতা অধিক তীব্ৰ হৈ উঠিছে। অসমৰ উপৰি পশ্চিম বংগ, কেৰালা, তামিলনাডু আৰু পুডুচেৰীতেও বিধানসভা নিৰ্বাচনৰ আনুষ্ঠানিক প্ৰস্তুতি আৰম্ভ হৈছে।
