কংগ্ৰেছৰ দ্বিতীয়খন প্ৰাৰ্থী তালিকা প্ৰকাশ, ২৩ জনক প্ৰাৰ্থিত্ব

কংগ্ৰেছৰ দ্বিতীয়খন প্ৰাৰ্থী তালিকা প্ৰকাশ, ২৩ জনক প্ৰাৰ্থিত্ব

অসম বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি অৱশেষত অপেক্ষাৰ অন্ত পেলাই দ্বিতীয়খন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিলে কংগ্ৰেছে। এই তালিকাত মুঠ ২৩ গৰাকী নেতাক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে।

অৱশ্যে তালিকাখনত নাম নাথাকিল মাত্ৰ কেইদিনমান পূৰ্বে দলত যোগ দিয়া সদ্য অগপ ত্যাগী নেতা জয়ন্ত খাউণ্ডৰ। ৰঙানদী সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হ’বলৈ কংগ্ৰেছে নেতাজনক টিকট প্ৰদান কৰিব বুলি বহুতে আশা কৰিছিল যদিও এই তালিকাত তেওঁৰ নাম প্ৰকাশ নহ’ল। জানিব পৰা মতে, পৰৱৰ্তী তালিকাত ৰঙানদী সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিব কংগ্ৰেছে।

একেদৰে তালিকাখনত নাম নাহিল জাকিৰ হুছেইন শিকদাৰৰো। পাকা বেতবাৰী সমষ্টিৰ পৰা টিকট নাপালে কংগ্ৰেছ ত্যাগ কৰিব বুলি আগতেই প্ৰকাশ কৰিছিল জাকিৰ হুছেইন শিকদাৰে। সেয়ে পৰৱৰ্তী তালিকাত পাকা বেতবাৰী সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰা সম্ভাৱনা আছে বুলি ৰাজনৈতিক মহলত চৰ্চা চলিছে।

উল্লেখযোগ্য যে, পূৰ্বে ৪২খন সমষ্টিৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছিল কংগ্ৰেছে। এইবাৰ দ্বিতীয় তালিকাত পুনৰ ২৩খন সমষ্টিৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰা হৈছে।

দ্বিতীয় তালিকাত কংগ্ৰেছে প্ৰাৰ্থিত্ব দিয়া নেতাসকলঃ

  • গোলকগঞ্জ – কাৰ্তিক চন্দ্ৰ ৰয়
  • বিৰসিং জৰোৱা – ৱাজেদ আলী চৌধুৰী
  • বিলাসীপাৰা – অমৃত বাদছা
  • মানকাচৰ – মহবুৰ ৰহমান
  • পূব গোৱালপাৰা – আবুল কালাম ৰছিদ আলম
  • ডিমৰীয়া – কিশোৰ কুমাৰ বৰুৱা
  • নিউ গুৱাহাটী – শান্তনু বৰা
  • মঙলদৈ – ৰিজুমণি তালুকদাৰ
  • ঢেকিয়াজুলী – বাটছ ওৰাং
  • ৰঙাপৰা – কাৰ্তিক চন্দ্ৰ কুৰ্মী
  • গহপুৰ – শংকৰজ্যোতি কুটুম
  • ধেমাজি – শৈলেন সোণোৱাল
  • তিনিচুকীয়া – ডেভিদ ফুকন
  • টিংখঙ – বিপুল গগৈ
  • দেৰগাঁও – সাগৰিকা বৰা
  • ধলাই – ধ্ৰুৱজ্যোতি পুৰকায়স্থ
  • দক্ষিণ কৰিমগঞ্জ – আমিনুৰ ৰছিদ চৌধুৰী

কংগ্ৰেছৰ এই দ্বিতীয় তালিকাই ৰাজ্যৰ ৰাজনৈতিক পৰিৱেশ অধিক তীব্ৰ কৰি তুলিছে। এতিয়া সকলোৰে দৃষ্টি পৰৱৰ্তী প্ৰাৰ্থী তালিকালৈ।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top