তিতাবৰত চাঞ্চল্য! ৬৩ বছৰীয়া জগত সিঙৰ দোকানৰ টেংকীত ওলাল ৪ দিনে নিৰুদ্দেশ যুৱতীৰ মৃতদেহ । Titabor Crime News

তিতাবৰত চাঞ্চল্য! ৬৩ বছৰীয়া জগত সিঙৰ দোকানৰ টেংকীত ওলাল ৪ দিনে নিৰুদ্দেশ যুৱতীৰ মৃতদেহ । Titabor Crime News

তিতাবৰত চাঞ্চল্য! ৬৩ বছৰীয়া জগত সিঙৰ দোকানৰ টেংকীত ওলাল ৪ দিনে নিৰুদ্দেশ যুৱতীৰ মৃতদেহ Titabor Crime News । তিতাবৰত এক হৃদয়বিদাৰক হত্যাকাণ্ডে সৃষ্টি কৰিছে চাঞ্চল্য। চাৰি দিন ধৰি সন্ধানহীন হৈ থকা ১৯ বছৰীয়া কলেজছাত্ৰীগৰাকী অৱশেষত মৃত অৱস্থাত উদ্ধাৰ হ’ল। যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰ হয় স্থানীয় বেজ ৬৩ বছৰীয়া জগত সিঙৰ দোকানৰ শৌচাগাৰৰ টেংকীৰ ভিতৰত।

সূত্রৰ মতে, ৭ নৱেম্বৰৰ পুৱা প্ৰায় ৯.৩০বজাত কলেজলৈ ওলাই গৈছিল ছাত্ৰীগৰাকী, কিন্তু তাৰ পিছতেই সি ৰহস্যজনকভাৱে নিৰুদ্দেশ হৈ পৰে। পৰিয়ালে থানাত নিখোজ অভিযোগ দাখিল কৰাৰ পাছত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে। তদন্তৰ সময়ত সন্দেহজনকভাৱে নাম উঠে স্থানীয় বেজ জগত সিঙৰ।

অবশেষত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে জগত সিঙক, আৰু জেৰাৰ সময়ত জগতে স্বীকাৰ কৰে নিজৰ কুকাণ্ড। তেওঁৰ স্বীকাৰোক্তিৰ ভিত্তিত নিশা অভিযান চলায় তিতাবৰ আৰক্ষীয়ে আৰু উদ্ধাৰ কৰে নিৰুদ্দেশ যুৱতীগৰাকীৰ মৃতদেহ, যি আছিল জগত সিঙৰ দোকানৰ পিছফালে থকা শৌচাগাৰৰ টেংকীৰ ভিতৰত।

যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰৰ খবৰে তিতাবৰত সৃষ্টি কৰে উত্তেজনা। ক্ষুব্ধ ৰাইজে ভণ্ড বেজ জগত সিঙৰ দোকান আৰু ঘৰত তাণ্ডৱ চালায়। স্থানটোৰ পৰিস্থিতি নিয়ন্ত্ৰণত আনিবলৈ আৰক্ষীয়ে মোতায়েন কৰে অধিক বাহিনী।

ইতিমধ্যে তিতাবৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া লক্ষ্মণ প্ৰসাদ দাসক এই ঘটনাৰ পটভূমিত অপসাৰণ কৰা হৈছে। যোৰহাটৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকে ঘটনাটোৰ গাম্ভীৰ্য বিবেচনা কৰি বিষয়াগৰাকীক দায়িত্বৰ পৰা আঁতৰাই নতুন ভাৰপ্ৰাপ্ত বিষয়া নিযুক্ত কৰিছে।

অভিযুক্ত জগত সিঙৰ বিৰুদ্ধে হত্যা, ধৰ্ষণ আৰু প্ৰমাণ নষ্ট কৰাৰ গুৰুতৰ অভিযোগৰ ধাৰাত মামলা ৰুজু কৰা হৈছে। তিতাবৰবাসীয়ে দাবী কৰিছে—“নিৰ্দয় হত্যাকাৰী জগত সিঙৰ বাবে কঠোৰতম শাস্তি, যেন ন্যায় হয় যুৱতীগৰাকীৰ।”

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top