Titabor Crime News । তিতাবৰত নৰকীয় হত্যাকাণ্ড! শৌচাগাৰৰ টেংকীৰ পৰা উদ্ধাৰ নিৰুদ্দেশ যুৱতীগৰাকীৰ মৃতদেহ, অভিযুক্ত বেজ জগত সিঙৰ স্বীকাৰোক্তিত পোহৰলৈ ভয়ংকৰ সত্য

৭ মহীয়া অন্তঃসত্বা তীগৰাকীৰ , লেট্ৰিনৰ টেংকীত ! ।Titabor Crime News


Titabor Crime Newsতিতাবৰত নৰকীয় হত্যাকাণ্ড! শৌচাগাৰৰ টেংকীৰ পৰা উদ্ধাৰ নিৰুদ্দেশ যুৱতীগৰাকীৰ মৃতদেহ, অভিযুক্ত বেজ জগত সিঙৰ স্বীকাৰোক্তিত পোহৰলৈ ভয়ংকৰ সত্য


তিতাবৰত উথলিপাথলি—চাৰি দিন ধৰি সন্ধানহীন ১৯ বছৰীয়া যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰ হ’ল শৌচাগাৰৰ টেংকীৰ ভিতৰত! ঘটনার পিছফালত পোহৰলৈ আহিছে এক হৃদয়বিদাৰক তথ্য, যি জানিলে বুকু কঁপি উঠিব। অভিযুক্ত ৬৩ বছৰীয়া ভণ্ড বেজ জগত সিঙৰ স্বীকাৰোক্তিৰ পিছতেই আৰক্ষীয়ে উদ্ধাৰ কৰে নিৰুদ্দেশ যুৱতীগৰাকীৰ মৃতদেহ।

সূত্র মতে, ৭ নৱেম্বৰত কলেজলৈ যোৱাৰ পাছৰে পৰা সন্ধানহীন হৈ পৰিছিল ছাত্ৰী গৰাকী। পৰিয়ালে থানাত নিখোজ অভিযোগ দাখিল কৰাৰ পাছত তিতাবৰ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে। চাৰিদিন ধৰি চলা তীব্ৰ অনুসন্ধানৰ পাছত ৬৩ বছৰীয়া বেজ জগত সিঙক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। জেৰাৰ সময়ত লম্পট জগতে স্বীকাৰ কৰে যে তেওঁ যুৱতীগৰাকীৰ সৈতে অনৈতিক সম্পৰ্ক স্থাপন কৰিছিল আৰু ছাত্ৰীজনী ৭ মহীয়া অন্তঃসত্বা হৈছিল।

ৰাতি প্ৰায় ৩ বজাত আৰক্ষীয়ে জগত সিঙক লৈ যায় তেওঁৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ চৌহদলৈ। সৰ্বত্ৰ তীব্ৰ উত্তেজনা, উপস্থিত ৰাইজৰ চকুত ৰোষ। অবশেষত জগতে এন্ধাৰৰ ফাললৈ আঙুলিয়াই দেখুৱাই কয় — “টেংকীত আছে।” আৰক্ষীয়ে টৰ্চ মাৰি চাই দেখে, লেট্ৰিনৰ টেংকীত পৰি আছে যুৱতীগৰাকীৰ অৰ্ধউলংগ মৃতদেহ। এই দৃশ্যই হাহাকাৰ লগায় তিতাবৰত।

যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰৰ পাছত তিতাবৰত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি। উত্তেজিত ৰাইজে ভাঙি লণ্ডভণ্ড কৰে বেজ জগত সিঙৰ ব্যৱসায়িক প্ৰতিষ্ঠান আৰু বাসগৃহ। স্থানটোৰ পৰিস্থিতি নিয়ন্ত্ৰণত ৰাখিবলৈ আৰক্ষীয়ে বিশাল বাহিনী মোতায়েন কৰে।

বৰ্তমান জগত সিঙৰ বিৰুদ্ধে হত্যা, ধৰ্ষণ আৰু প্ৰমাণ লুকোৱাৰ দৰে গুৰুতৰ ধাৰাত মামলা ৰুজু কৰা হৈছে। স্থানীয় ৰাইজে এই নৰপিশাচ বেজৰ বাবে কঠোৰতম শাস্তি—ফাঁছিৰ দাবী জনাইছে।

তিতাবৰবাসীৰ মুখত একে ধ্বনি — “জগত সিঙৰ যেন কঠোৰতম দণ্ড হয়!”

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top