Zubeen Garg Death Case । জে’ললৈ প্ৰেৰণ অমৃতপ্ৰভা মহন্ত আৰু শেখৰজ্যোতি গোস্বামীক ।
জুবিন গাৰ্গৰ মৃত্যুকেন্দ্ৰিক তদন্তত অন্যতম অভিযুক্ত অমৃতপ্ৰভা মহন্ত আৰু শেখৰজ্যোতি গোস্বামীক বৃহস্পতিবাৰে পাণবজাৰৰ মুখ্য ন্যায়িক দণ্ডাধীশ (CJM) আদালতত হাজিৰ কৰোৱা হয়। আদালতে দুয়োকে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰাৰ নিৰ্দেশ দিয়ে।

বৃহস্পতিবাৰে নিশাই শেষ হয় দুয়ো অভিযুক্তৰ আৰক্ষীৰ জিম্মাৰ মেয়াদ। তাৰ পাছতে তদন্তকাৰী সংস্থাই আদালতৰ অনুমতি লৈ দুয়ো অভিযুক্তক কাৰাগাৰলৈ প্ৰেৰণ কৰে।

৩ অক্টোবৰত SIT-এ গ্ৰেপ্তাৰ কৰিছিল অমৃতপ্ৰভা মহন্ত আৰু শেখৰজ্যোতি গোস্বামীক। তেওঁলোকৰ জে’ল প্ৰেৰণৰ লগতে এতিয়া তদন্তকাৰীসকলে ন্যায়িক জিম্মাৰ সময়ছোৱাতো তদন্ত আগবঢ়াব বুলি জানিব পৰা গৈছে।

