Shyamkanu Mahanta । শ্যামকানু মহন্তৰ লগতে পত্নী অনিতা ডেকাৰো নতুন বিপদ! GSTৰ নজৰত ৫ প্ৰতিষ্ঠান
অসমত বহুল সমালোচিত শ্যামকানু মহন্তৰ বিৰুদ্ধে একৰ পৰা এক নতুন অভিযোগ উঠি আছে। এইবাৰ তেওঁৰ লগতে পত্নী অনিতা ডেকাৰ নামতো জড়িত হৈছে। উৎসৰ পৰা পোৱা তথ্য অনুসৰি, শ্যামকানু আৰু পত্নীৰ নামে-বেনামে চলি থকা পাঁচটাকৈ প্ৰতিষ্ঠানত খুব শীঘ্ৰই পৰিব GSTৰ হাতোৰা। ইতিমধ্যে বিভাগে সকলো নথি-পত্ৰ সাজু কৰি থৈছে বুলি জানিব পৰা গৈছে।

৫ প্ৰতিষ্ঠানৰ নাম পোহৰলৈ
শ্যামকানু মহন্তৰ বিৰুদ্ধে লুণ্ঠনৰ অভিযোগ উঠা প্ৰতিষ্ঠানবোৰ হ’ল—
- Enlightened Private Limited
- Terap Hydropower Private Limited
- Patkai Energy Company Private Limited
- MMS Advisory Private Limited
- Trend MMS Private Limited

চেনিকুঠীৰ কৃষ্ণ ভৱনত আছিল শ্যামকানু মহন্তৰ Trend MMS Private Limitedৰ পুৰণি কাৰ্যালয়। অভিযোগ উঠিছে, এই কাৰ্যালয়ৰ জৰিয়তে একে সময়তে পাঁচটাকৈ কোম্পানীৰ কাম চলিছিল। বিশেষকৈ BTCৰ পানী যোগান আৰু হাইড্ৰ’পাৱাৰৰ কোটি কোটি টকাৰ ঠিকাদাৰী কাম এই কাৰ্যালয়ৰ জৰিয়তেই চলি আহিছিল।

Trend MMS Private Limited
২০২২ চনৰ ৩০ মাৰ্চত Trend MMS Private Limited পঞ্জীয়ন কৰা হয়। তাৰ পিছত এই প্ৰতিষ্ঠানৰ অধীনত ৰঙালী ফেষ্টিভেলৰ লগতে North East Festival আয়োজন আৰম্ভ হয়। পৰৱৰ্তী সময়ত একে প্ৰতিষ্ঠানৰ বেনাৰত দিল্লী, ভিয়েটনাম আৰু বেংককতো North East Festival আয়োজন কৰা হয়।
আগৰ প্ৰতিষ্ঠান Trend Advisory Private Limited
২০২২ত Trend MMS Private Limited জন্ম নোৱাৰ আগতেই শ্যামকানু মহন্তে অন্য এটা প্ৰতিষ্ঠানৰ জৰিয়তে কাম চলাই আহিছিল।
- ১৩ নৱেম্বৰ, ২০০৯ত পঞ্জীয়ন কৰা হয় Trend Advisory Private Limited।
- ২০১১চনৰ পৰা এই প্ৰতিষ্ঠানৰ অধ্যক্ষ আৰু সঞ্চালক আছিল শ্যামকানু মহন্ত আৰু পত্নী অনিতা ডেকা।
- এই প্ৰতিষ্ঠানৰ জৰিয়তে অসম পৰ্যটন বিভাগ, গড়কাপ্তানি বিভাগ আৰু BTCৰ পানী যোগানৰ একাধিক কাম কৰাৰ তথ্যো পোহৰলৈ আহিছে।
