বিহপান কৰোৱাই হত্যা কৰা হৈছিল নেকি জুবিন গাৰ্গক? Zubeen Garg Death Case

বিহপান কৰোৱাই হত্যা কৰা হৈছিল নেকি জুবিন গাৰ্গক? Zubeen Garg Death Case

Zubeen Garg Death Case । বিহপান কৰোৱাই হত্যা কৰা হৈছিল নেকি জুবিন গাৰ্গক?
বাদ্যযন্ত্ৰী শেখৰজ্যোতি গোস্বামীৰ চাঞ্চল্যকৰ ভাষ্যত নতুন ইংগিত

অসমবাসীৰ হৃদয়ৰ সংগীত সম্ৰাট জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত পুনৰ চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে।
সূত্ৰৰ পৰা পোৱা তথ্য অনুসৰি, জুবিন গাৰ্গৰ অন্তিম সময়ত তেওঁৰ সংগীত যাত্ৰাৰ সহপাঠী তথা বাদ্যযন্ত্ৰী শেখৰজ্যোতি গোস্বামীয়ে এক ভয়ংকৰ অভিযোগ উত্থাপন কৰিছে।

শেখৰজ্যোতি গোস্বামীৰ মতে, জুবিন গাৰ্গক ইচ্ছাকৃতভাৱে বিহপান কৰোৱাই হত্যা কৰা হৈছিল। তেওঁৰ ভাষ্যত প্ৰকাশ পোৱা অনুসৰি, সিদ্ধাৰ্থ শৰ্মা আৰু তেওঁৰ সহযোগী শ্যামকানু মহন্তে বিদেশী সুৰাৰ ব্যৱস্থা কৰি তাত বিষ মিশ্ৰণ কৰিছিল। সেই বিষপানৰ ফলতেই জুবিন গাৰ্গৰ মৃত্যু হোৱা সম্ভাৱনা উত্থাপিত হৈছে।

শেখৰজ্যোতিয়ে দাঙি ধৰা অনুসৰি, জুবিন গাৰ্গৰ মৃত্যুৰ পূৰ্বে ছিংগাপুৰৰ পান পেচিফিক হোটেলৰ ৩০১০ নং কোঠাত সন্দেহজনক ক্ৰিয়া-কলাপ চলিছিল। তেওঁ কয়—

“সিদ্ধাৰ্থ শৰ্মাই সেয়া নিশা সন্দেহজনক আচৰণ কৰিছিল। ইয়টখনত জুবিন দাই অসুস্থ হোৱাৰ পাছত তেওঁ নিজে নিয়ন্ত্ৰণ লৈ ল’লে। নাক আৰু মুখেৰে ফেন ওলাইছিল, উশাহ ল’বলৈ অসুবিধা হৈছিল। কিন্তু সিদ্ধাৰ্থই ক’লে—‘ই এটা গেষ্ট্ৰিক ইশ্যু, চিন্তা নাই।’ সেই সময়ত প্ৰয়োজনীয় চিকিৎসা প্ৰদান কৰা নহ’ল।”

শেখৰজ্যোতীয়ে এইও দাবী কৰিছে যে, ঘটনাটো দুৰ্ঘটনা হিচাপে প্ৰক্ষেপ কৰাৰ বাবে আগতীয়াকৈ ষড়যন্ত্ৰ ৰচা হৈছিল, আৰু ইয়াৰ জৰিয়তে সত্যক লুকুৱাবলৈ চেষ্টা কৰা হৈছিল।

এই চাঞ্চল্যকৰ উক্তি প্ৰকাশ পাবলৈ কেৱল ১২ ঘণ্টা অতিক্ৰম হোৱাৰ পাছতো SIT‌য়ে এতিয়ালৈকে কোনো আনুষ্ঠানিক স্পষ্টীকৰণ দিয়া নাই।

বৰ্তমান সমগ্ৰ অসম এই নতুন অভিযোগৰ পিছত পুনৰ বিষণ্ণ, আৰু জনসাধাৰণৰ মাজত একমাত্ৰ প্ৰশ্ন—
“বিহপান কৰোৱাই হত্যা কৰা হৈছিল নেকি জুবিন গাৰ্গক?”

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top