Dipak Sarma । আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বাঁহীবাদক দীপক শৰ্মা বৰ্তমান জটিল ৰোগত আক্ৰান্ত হৈ নেমকেয়াৰ হাস্পতালত চিকিৎসাধীন। সামাজিক মাধ্যমত তেওঁৰ দুখ-অভিযোগ আৰু ক্ষোভ উজাৰি দি চৰকাৰৰ দায়িত্বহীনতাৰ প্ৰতি আঙুলিয়াইছে।

দীপক শৰ্মাই কৈছে —
- “আজি যে মোৰ প্ৰটিনৰ অভাৱ, ইয়াৰ বাবে দায়ী চৰকাৰ।”
- “মোক আধাতে ৰাখি থৈ গ’ল অলপ পইছা দি।”
- “চৰকাৰৰ এটা গধুৰ দায়িত্ব আছিল, মোৰ বিষয়ে অলপ চিন্তা কৰিব লাগিছিল।”
- “চৰকাৰক কিমান বাৰ চাকৰি এটা কথা কলো কিন্তু, নুশুনিলে মোৰ কথা।”
দেশ-বিদেশত সংগীতৰ জৰিয়তে অসমক গৌৰৱান্বিত কৰা এই বিশিষ্ট বাঁহীবাদকৰ অভিযোগত সামাজিক মাধ্যমত ব্যাপক আলোড়ন সৃষ্টি হৈছে। বহুজনেই তেওঁৰ পাশেৰে সহানুভূতি প্ৰকাশ কৰি চৰকাৰক দায়িত্বশীল হোৱাৰ আহ্বান জনাইছে।
